অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ সাধাৰণ সভা

অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ সাধাৰণ সভা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনৰ অন্যতম প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ । আঞ্চলিক দলটোৰ অন্যতম শক্তিশালী বিধান পৰিষদ সমিতি ঢকুৱাখনা বিধান পৰিষদৰ সাধাৰণ পৰিষদৰ সভাখন বুধবাৰে অনুষ্ঠিত হয়।

বিধান পৰিষদৰ স্থায়ী কাৰ্যালয় "সমন্বয় ভৱন"ত অনুষ্ঠিত সাধাৰণ পৰিষদৰ সভাৰ পূৰ্বে দলৰ পতাকা উত্তোলন কৰে বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাই। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী উদ্বোধন কৰে জ্যেষ্ঠ নেতা প্ৰিয়ৰাম ফুকনে। পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় সাধাৰণ পৰিষদৰ সভা । বিধান পৰিষদৰ অন্তৰ্গত ডেৰ শতাধিক দলীয় বিষয়ববীয়া ,কৰ্মকর্তাৰ উপস্থিতিত সভাখন সঞ্চালনা কৰে হৰিচন্দ্ৰ বৰুৱাই। সভাত বিভিন্ন সাংগঠনিক বক্তব্য আগবঢ়োৱাৰ পাছত অনাগত ৩ বছৰৰ কাৰ্যকালৰ বাবে বিধান পৰিষদ , মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ তিনিওখন সমিতি সৰ্বসন্মত ক্ৰমে পুনৰ গঠন কৰা হয়।

সেই অনুক্ৰমে ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হিচাপে প্ৰবীণ দলীয় নেতা মহেশ দলেক, উপ সভাপতি হিচাপে দলৰ জ্যেষ্ঠ কৰ্মী প্ৰিয়ৰাম ফুকন , অজিত দত্ত,ৰঞ্জিত চন্দ্ৰ বৰা, ৰাজেন্দ্ৰ প্ৰসাদ গগৈ ,কালোৰাম দলেক, সম্পাদক , সক্ৰিয় যুৱ নেতা সমুজ্জল চেতিয়া আৰু সুৰেন চাংমাইক ,সহকাৰী সম্পাদক , জিতেন চুতীয়া, মহানন্দ দলে,নবীন পেগু ,জয়ন্ত দত্ত পৰমা পাতিৰক, সাংঠনিক সম্পাদক হিচাপে হেমন্ত পায়েং , বীৰেন বৰাক আৰু বিত্ত সম্পাদক হিচাপে নিতুল বৰাক নিৰ্বাচিত কৰা হয় ।

তাৰোপৰি সভাই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য হিচাপে হৰিচন্দ্ৰ বৰুৱা আৰু কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য হিচাপে দুলাল দত্ত, আৰু প্ৰাঞ্জল দিহিঙীয়াক মনোনীত কৰে। এই বিষয় বাচনি সভাত কেন্দ্ৰিয় পৰ্যবেশক হিচাপে কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড ,অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা তথা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ নন্দিতা দেউৰী , দলৰ লখিমপুৰ জিলা পৰিষদৰ সভাপতি দীপক বৰদলৈ উপস্থিত থাকে। সাধাৰণ সভাতেই ঢকুৱাখনা বিধান পৰিষদৰ যুৱ পৰিষদৰ সমিতিখনো গঠন কৰা হয়।

সভাত উপস্থিত দলীয় প্ৰতিনিধিৰ সহমতৰ ভিত্তিত সভাপতিৰ দায়িত্ব হেমচন্দ্ৰ টাইডক , সম্পাদকৰ দায়িত্ব অন্টু চুতীয়া আৰু মহানন্দ দাসক , সহকাৰী সম্পাদকৰ দায়িত্ব সৌৰভ জ্যোতি বৰুৱা, দাদুল আলি, পংকজ পাতিৰক, তথ্য ও প্ৰচাৰ সম্পাদকৰ দায়িত্ব চান জ্যোতি পাচনিক, সাংঠনিক সম্পাদকৰ দায়িত্ব প্ৰফুল্ল বৰুৱা ,প্ৰদীপ গগৈ ,মইনা ৰাজপত আৰু ৰাজীৱ পাতিৰক প্ৰদান কৰি ৪১ জনীয়া সমিতিখন গঠন কৰি দিয়ে। তাৰোপৰি সভাতেই ঢকুৱাখনা বিধান পৰিষদৰ মহিলা পৰিষদ সমিতিখনো সৰ্ব সন্মতি ক্ৰমে গঠন কৰা হয়। সভাত ৰূপাঞ্জলি চুতীয়াক সভানেত্ৰী, বন্তি চাংমাই ,নিতুমনি গগৈক সম্পাদিকা, তৃষ্ণা গগৈ ,জ্যোতি হাজৰিকা ,নমিতা দলে, অমিয়া খনিকৰ ,পলি গগৈক সহকাৰী সম্পাদিকা আৰু পৰশ মনি গগৈক বিত্ত সম্পাদিকা হিচাপে লৈ ৪১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে। নবগঠিত সমিতি সমূহে অচিৰেই কাৰ্যভাৰ গ্ৰহণ কৰি দলৰ বুনিয়াদ অধিক শক্তিশালী কৰাত মনোনিবেশ কৰিব বুলি নব নিৰ্বাচিত সম্পাদক সমুজ্জল চেতিয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে ।

অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ সাধাৰণ সভা
জামুগুৰিহাটৰ চৈবাৰীত ৰাইছ মিল ইণ্ডাষ্ট্ৰি উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in