পহিলা ব'হাগৰ দিনটোত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা ল'লে ভূপেন বৰাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত কোনো পার্থক্য নাই। আজমলেই হিমন্ত বিশ্ব শৰ্মা,হিমন্ত বিশ্ব শৰ্মাই আজমল : ভূপেন বৰা
পহিলা ব'হাগৰ দিনটোত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা ল'লে ভূপেন বৰাই

ডিজিটেল সংবাদ,ঢকুৱাখনা : 'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত কোনো পার্থক্য নাই। আজমলেই হিমন্ত বিশ্ব শৰ্মা,হিমন্ত বিশ্ব শৰ্মাই আজমল । ইজনে সিজনৰ মুখা পিন্ধি থাকে। কোনজনে কেতিয়া কাৰ মুখা পিন্ধি থাকে সেয়া ঠিক নাই ।' এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ।

দেওবাৰে পহিলা ব'হাগৰ দিনাই ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত শৰাই আগবঢ়াই এই মন্তব্য কৰে বৰাই। উত্তৰ অসমৰ অন্যতম প্ৰধান বৈষ্ণৱ পীঠ থান প্ৰাঙ্গনত সপত্নীক উপস্থিত হৈ সভাপতি বৰাই শৰাই আগবঢ়ায়।

সভাপতিগৰাকীক সংগ প্ৰদান কৰে- প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ হেম হৰি প্ৰসন্ন পেগু, জিলা কংগ্ৰেছৰ উপ সভাপতি কেশেন চেতিয়া, প্ৰদেশ কংগ্ৰেছ সম্পাদক জিন্টু হাজৰিকা, সদস্য লালিত্য কুমাৰ দাস,ব্লক সভাপতি সুভাষ দিহিঙীয়া, ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক নেতৃত্বই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যখনৰ ৰাইজৰ সুখ,শান্তি, শান্তি প্ৰগতি বৃদ্ধিৰ প্রার্থনাৰে শ্ৰী শ্ৰী বাসুদেৱ মহা প্ৰভুৰ শ্ৰী চৰণত প্ৰসাদৰ শৰাই আগবঢ়াই একান্তচিত্তে চাকি বন্তি জ্বলায়। সেৱাৰ অন্তত সাংবাদিকৰে মত বিনিময় কৰি বৰাই কয়- অসমৰ জনসাধাৰণ কংগ্ৰেছৰ শক্তি। বাহুবল,ধনবল কংগ্ৰেছৰ শক্তি নহয়। আমি জনবলক আমাৰ শক্তি বুলি ভাবো। বিজেপিৰ অপকৰ্ম,প্ৰলোভন ভ্ৰূষ্টাচাৰৰ বাবে জনবল আমাৰ লগত আছে আৰু থাকিব।

বৰাই অসমত কংগ্ৰেছ শূণ্য বুলি মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কৰি অহা মন্তব্যৰ প্ৰত্যুত্তৰত কয় "যদি অসমত কংগ্ৰেছ নায়ে নৰেন্দ্ৰ মোডী অমিত শ্বাহ কিয় বাৰে বাৰে আহিব লাগে অসমলৈ। আজি বহাগ বিহুৰ দিনা কিয় মুখ্যমন্ত্ৰী ঘৰত বহি বিহু খায় থাকিব পৰা নাই । এই অৱস্থা কিয় হৈছে ? অৰুনোদই প্ৰ-পত্ৰ বিলাই কিয় প্ৰলোভন দিব লগা হৈছে ৰাইজক বুলি প্ৰশ্ন কৰে।

এক বিশাল দলীয় কৰ্মকর্তাৰ উপস্থিতিত নৰোৱা সত্ৰৰ আশীষ লৈ পৰৱৰ্তী সময়ত সত্ৰ প্ৰাঙ্গনত ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত উপস্থাপন কৰা এক বিহু হুঁচৰি উপভোগ কৰে সপত্নীক বৰাই। উল্লেখ্য যে এখন হেলিকপ্টাৰযোগে ঢকুৱাখনাত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ উভতি যায়।

পহিলা ব'হাগৰ দিনটোত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত সেৱা ল'লে ভূপেন বৰাই
দিকচৌ বনত মনৰ মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in