ঢকুৱাখনাত প্ৰশিক্ষকৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা...

ঢকুৱাখনাত প্ৰশিক্ষকৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা...
ঢকুৱাখনাত প্ৰশিক্ষকৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে বিৰোধী ৰাজনৈতিক শক্তি কংগ্ৰেছ দলেও আৰম্ভ কৰিছে প্ৰাক নিৰ্বাচনী সক্ৰিয়তা । প্ৰাথমিক পৰ্য্যায়ত দলীয় তৃণমূল পৰ্য্যায়ৰ ভোট কেন্দ্ৰৰ কৰ্মীসকলৰ সতে মত বিমিময় আৰু প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব আৰোপ কৰিছে দলটোৱে।

তাৰেই অংশ হিচাপে বৃহস্পতিবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা ভোট কেন্দ্ৰ পৰ্য্যায়ৰ এজেন্টসকলৰ এক প্ৰশিক্ষণত প্ৰশিক্ষক হিচাবে অংশ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ যুটীয়া উদ্যোগত অনুষ্ঠিত বি এল অ'সকলৰ  প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাবে বক্তব্য ৰাখি সভাপতি বৰাই প্ৰদেশ কংগ্ৰেছৰ মুঠ ২৭২ টা ব্লকৰ ভিতৰত ১৩০টা ব্লকত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা দোহাৰে ।

বৰাই দলীয় কৰ্মীসকলৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই কয়- মোৰ নিজা ভোট কেন্দ্ৰত যদি মই দলীয় প্ৰাৰ্থীক জিকাব নোৱাৰো,তেন্তে সামগ্ৰিকভাৱে দলীয় প্ৰাৰ্থী জিকোৱাৰ কথা পাতি কি হ'ব ? সেয়ে দলীয় কৰ্মীসকলক "মোৰ বুথ মোৰ দায়িত্ব" বাণীৰে আগুৱাই যোৱাৰ আহ্বান জনায় ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰাই কয়-আজমলৰ অৱস্থা এতিয়া পানীৰ পৰা উঠাই অনা মাছৰ দৰে হৈছে। পানীৰ পৰা মাছ উঠাই বামত থলে যি অৱস্থা হয় এ আই ইউ ডি এফৰ অৱস্থা কংগ্ৰেছ দলে লগ এৰাৰ পাছত তেনেকোৱা হৈছে ।

লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাৰ সভাপতিত্বত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা সভাপতি বৰাই কয়, ৰাজ্যৰ ৰাজনীতি আৰু সমাজত ভয়াহব ৰূপত আত্মপ্ৰকাশ কৰা অশুভ উগ্ৰ সাম্প্ৰদায়িক শক্তিসমূহৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি কৈ এ আই এউ ডি এফৰে মিত্ৰতা অস্বীকাৰ কৰাৰ কথা দোহাৰে ।

দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰদেশ কংগ্ৰেছে বৰাৰ নেতৃত্বত চাঙে চাঙে, বাগানে বাগানে, পাহাৰে পাহাৰে আদি কাৰ্যসূচী গ্ৰহণ কৰি ব্যাপক সফলতা অৰ্জন কৰিছে বুলি কৈ পৰৱৰ্তী সময়ত ভোট কেন্দ্ৰ পৰ্য্যায়ৰ এজেন্টসকলক প্ৰশিক্ষিত কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয়। ঢকুৱাখনা সমষ্টিটোৰ ১৯৮ টা ভোট কেন্দ্ৰৰ এজেন্টসকলৰ উপস্থিতিত মাতৃ বন্দনাৰে শুভাৰম্ভ হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত আদৰণি বক্তব্য আগবঢ়াই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেয়ে।

আদৰণি ভাষণত পেগুৱে দেশৰ অন্যান্য ৰাজনৈতিক দলসমূহে সফল ৰাজনৈতিক ফলাফল অর্জনৰ বাবে তৃণমূল পৰ্য্যায়ত কিদৰে জনমুখী কৌশল প্ৰয়োগ কৰে তাৰ  আধাৰতে কংগ্ৰেছ দলে এনে কৰ্মসূচীৰ গ্ৰহণ কৰি প্ৰায়োগিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই প্ৰয়াস বুলি কয়। দলেয়ে কয় নিৰ্বাচনৰ ফলাফলৰ আগত আমি সদায় জয়ী হওঁ কিন্তু বাস্তৱত পৰাজিত হওঁ । ইয়াৰ প্ৰধান কাৰণ তৃণমূল ৰাইজৰ সৈতে জনসংযোগ নৰখা , মাইক্ৰ মেনেজমেণ্ট ডেভেলপমেণ্ট পদ্ধতিৰ অভাৱ বুলি কয় ।

এনে ব্যৱধান দূৰ কৰাৰ বাবে এই কাৰ্যসূচী হাতত লোৱা বুলি কৈ পৰৱৰ্তী সময়ত এনে কাৰ্যসূচী ব্লক, ৱাৰ্ড, গোটলৈ সম্প্ৰসাৰিত কৰাৰ নিশ্চয়তা প্ৰদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জিন্টু হাজৰিকা, মুকুল হুছেইন,  সদস্য মুকুল গগৈ, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি আনন্দ নৰহ, মুহি পায়েং, দীপাংকৰ দাস, সদৌ অসম সংখ্যা লঘু সমিতিৰ সম্পাদক ৰাজীৱ খান, জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী মণিকা পাতিৰ, ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ইনামণি বৰুৱা, ৰমা দেৱী আদিৰ লগতে বিধানসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৰ্গ যুৱ কংগ্ৰেছৰ, মহিলা কংগ্ৰেছ আৰু অন্যান্য কৰ্মকর্তাসকল উপস্থিত থকা জনাকীৰ্ণ প্ৰশিক্ষণত প্ৰশিক্ষক হিচাবে ৰাজ্যিক নেতৃত্বই প্ৰশিক্ষণ প্ৰদান কৰি উপস্থিত এজেন্টসকলৰ সতে বাৰ্তালাপত মিলিত হয় ।

উল্লেখ্য যে, সভাপতি বৰা প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গক উষ্ণ আদৰণি জনাই ঘিলামৰা আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কৰ্মকর্তা সকলে আদৰি নিয়ে ৰাজীৱ ভৱনলৈ।

ঢকুৱাখনাত প্ৰশিক্ষকৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা...
সলনি হ'ল ৰাজ্যৰ ১,২৪১ খন মাদ্ৰাছাৰ নামঃ এতিয়াৰে পৰা চিহ্নীত হ'ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in