ঠিকাদাৰৰ কৰ্ম-কাণ্ডৰ বাবেই এটা নিৰ্মীয়মান পথে অতিষ্ঠ কৰিছে বিশ্বনাথবাসীক

ঠিকাদাৰৰ কৰ্ম-কাণ্ডৰ বাবেই এটা নিৰ্মীয়মান পথে অতিষ্ঠ কৰিছে বিশ্বনাথবাসীক

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথত নগৰৰ এটা পুনৰ নিৰ্মীয়মান পথে ৰাইজক জ্বলা কলা খুৱাইছে। যাৰ বাবে পথলৈ ওলাই আহিব লগা হৈছে স্থানীয় মহিলা। পথটো হৈছে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিশ্বনাথ কলেজ সংযোগী পথ।

পথটোৰ নিৰ্মানৰ ঠিকা লাভ কৰিছিল জনৈক বিশ্ব নামৰ এজন ঠিকাদাৰে। কিন্তু ৰাইজৰ অভিযোগ যে, ঠিকাদাৰে পথটোৰ নিৰ্মানৰ কাম লেহেমীয়া কৰাৰ লগতে নিৰ্মান কাৰ্যৰ সময়ত পানী দিয়া নাই। ফলত পথটোৰে এখন বাহন গ'লে নিৰ্মীয়মান সমগ্ৰ পথটো ধুলিময় হৈ পৰে।

যাৰ ফলত সমগ্ৰ অঞ্চলৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰোপৰি ধূলিময় পথে একাংশৰ অসুখৰ কাৰক হিচাপেও পৰিগণিত হৈছে।

একাংশ শিশু-মহিলা ধূলিৰ বাবে চৰ্দি,জ্বৰ,কাহ ইত্যাদিত আক্ৰান্ত হৈছে। সেয়েহে সোমবাৰে মহিলাসকলে পথটো শীঘ্ৰে নিৰ্মান কৰা তথা পানী মৰাৰ দাবীত পথটো বন্ধ কৰি ৰাখে। ফলত বহু সময় ধৰি পথটোত আৱদ্ধ হৈ পৰে যান বাহন।

উল্লেখ্য যে জনৈক বিশ্ব নামৰ ঠিকাদাৰজনে পথটো নিৰ্মান কৰি থকাৰ সময়ত পথটোত কোনো ধৰণৰ ফলক নলগাই ৰাইজক আন্ধাৰত ৰখাৰো অভিযোগ উঠিছে। ইফালে শীঘ্ৰে পথটো নিৰ্মান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ১০ নং ৱাৰ্ডৰ ৰাইজে ভোট বৰ্জন কৰিব বুলিও হুংকাৰ দিছে।

ঠিকাদাৰৰ কৰ্ম-কাণ্ডৰ বাবেই এটা নিৰ্মীয়মান পথে অতিষ্ঠ কৰিছে বিশ্বনাথবাসীক
আৰক্ষী থানাৰ ওচৰতে থকা মন্দিৰৰ চিচি কেমেৰা ভাঙি চোৰে লৈ গ'ল মূল্যৱান সামগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in