চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰত সপ্তাহ ব্যাপী ভাগৱত পাঠ ও ব্যাখ্যা...

চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰত সপ্তাহ ব্যাপী ভাগৱত পাঠ ও ব্যাখ্যা...

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰত সপ্তাহ ব্যাপী ভাগৱত পাঠ ও ব্যাখ্যা...

চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰত সপ্তাহ ব্যাপী ভাগৱত পাঠ ও ব্যাখ্যা...

ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ সাৰ্বজনীন কালি মন্দিৰ প্ৰাঙ্গনত বিগত বর্ষৰ দ্বৰে এইবাৰো যোৱা ২১ আগষ্টৰ পৰা ২৮ আগষ্টলৈ সপ্তাহ ব্যাপী ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্য ব্যাখ্যাকাৰী হিচাপে অনুষ্ঠানলৈ শ্ৰী শ্ৰী কৃষ্ণ দাস গোস্বামী মহাৰাজক বৃন্দাবনৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছে।

Advertisment

যোৱা নিশাও মন্দিৰ প্ৰাংগনত দেখা গ'ল অসংখ্য ভক্তৰ ভিৰ। দুপালপিতা বৰষুণৰ মাজতো হৰি গুণৰ গান ৰসাস্বদানৰ বাবে মাজ নিশা পৰ্যন্ত উপস্থিত থাকে ৰাইজ।ভাগৱত পাঠ ও ব্যাখ্যাৰ উপৰিও পিতৃ ভক্তি,মাতৃ ভক্তিৰ লগতে সনাতন হিন্দু ধর্মৰ প্ৰতি উঠি অহা প্ৰজন্মক মনোগ্ৰাহী হোৱাকৈ দিয়া সুমধুৰ প্ৰবচন শুনিবলৈ বৃহত্তৰ অঞ্চল টোৰ সৰু-বৰ সকলো বয়সৰ লোক সমবেত হোৱা দেখা গ'ল।

অহা ২৮ আগষ্ট অন্তিম দিনটোৰ ১ বজাৰ পৰা বিয়লি ৫ বজালৈ ভক্তপ্ৰাণ ৰাইজৰ বাবে মহা প্ৰসাদ বিতৰণ কৰা হ'ব বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে।

Also Read: পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই !

ভাগৱত পাঠ চিলাপথাৰ