পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই !

পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই !

author-image
Asomiya Pratidin
New Update
পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই !

পদত্যাগ কৰিব খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই !

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিব বিধায়ক মৃণাল শইকীয়াই। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে ২০২৪ ৰ নিৰ্বাচনৰ সময়ত পদত্যাগৰ কথা ঘোষণা কৰিছে।

Advertisment

এক পত্ৰৰ জৰিয়তে তেওঁ এই কথা জনাইছে। অৱশ্যে তেওঁ পদত্যাগৰ এটা চৰ্তও নিৰ্ধাৰণ কৰি দিছে। ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনত যদিহে অসমত কংগ্ৰেছে ৯ খন আসন লাভ কৰে তেন্তে বিধায়কগৰাকীয়ে পদত্যাগ কৰিব।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ লগতে ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে। শাসকীয় বিজেপিক পৰাস্ত কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে বিৰোধী একত্ৰিত হৈছে অসমতো এ আই ইউ ডি এফক বাদ দি সকলো বিৰোধী একত্ৰিত হৈছে।

তাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত ৯ খনতে কংগ্ৰেছ জয়ী হ'ব বুলি এক মন্তব্য কৰিছিল। এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খুমটাইৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ভূপেন বৰাই কোৱাৰ দৰে যদি লোকসভা নিৰ্বাচনত ৯ খন আসন লাভ কৰে তেন্তে তেওঁ পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

মৃণাল শইকীয়াৰ এই প্ৰতিক্ৰিয়াত কংগ্ৰেছে শইকীয়াই মুখেৰে এইদৰে কোৱাতকৈ লিখিত ভাৱে এই কথা কওঁক বুলি প্ৰত্যাহ্বান জনায়। ভূপেন বৰাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিয়েই আজি মৃণাল শইকীয়াই লিখিত ভাৱে জনাইছে যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৬ খন আসন লাভ কৰিলে তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব।

তেওঁ পত্ৰখনত লিখিছে, ''প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক লোকসভাৰ নিৰ্বাচনত ৯ খন আসন পাম বুলি কৰা দাবীক প্ৰত্যাহ্বান জনাই আমি কৈছিলোঁ যে, কংগ্ৰেছে ৯ খন আসন পালে বিধায়ক পদৰ পৰা পদত্যাগ কৰিম। এই সন্দৰ্ভত কংগ্ৰেছে লিখিতভাৱে এই কথা কবলৈ প্ৰত্যাহ্বান জনোৱাৰ পাছত আপোনালোকলৈ এই পত্ৰখন প্ৰেৰণ কৰিলোঁ। ২০২৪ ৰ লোকসভাৰ ফলাফলৰ দিনটোলৈ এই পত্ৰখন সংৰক্ষণ কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। মই লিখিতভাৱে জনাইছো ফলাফলৰ দিনা কংগ্ৰেছে ৯খন আসন পোৱাৰ লগে লগে মাননীয় বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ সন্মুখত পদত্যাগ পত্ৰ দাখিল কৰিম। ''

Also Read: বন্ধ হৈ পৰিল ৬ নং ৰাষ্ট্ৰীয় ঘাইপথঃ বৰাক, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰে যোগাযোগ বিচ্ছিন্ন...

ভূপেন কুমাৰ বৰা মৃণাল শইকীয়া