ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়াৰ অগ্ৰণী নাট্যকলা চৰ্চাৰ অনুষ্ঠান ’নাটকম্’ ৰ প্ৰযোজনাত ২৩ আৰু ২৪ আগষ্টৰ সন্ধিয়া দুদিনীয়াকৈ “বান্দৰ“- এক ওভতনি যাত্ৰা’ নাটকখন মঞ্চস্থ কৰা হয় ৷ নাট্যকাৰ পবিত্ৰ ৰাজখোৱাই ৰচনা কৰা নাটকখনৰ পৰিচালনা কৰে বিশিষ্ট পৰিচালক ভৱ পূজাৰীয়ে ৷
নিৰ্মীয়মান অৱস্থাত থকা বিহপুৰীয়াৰ যোগেশ্বৰ বৰুৱা স্মৃতি ভৱনত অস্থায়ী প্ৰেক্ষাগৃহ সাজি নাট মঞ্চস্থ কৰে নাটকমে ৷ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী নগেন গোস্বামী,বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ,নাট্যসংগঠক তৰুণ নেওগৰ নামত উৎসৰ্গা কৰা নাট্য সন্ধ্যা দুটিয়ে বিহপুৰীয়াৰ নাট্যপ্ৰেমী কলক উৎফুল্লিত কৰি তোলে ৷
নাটখনিৰ নাট্যকাৰ, পৰিচালক, কুশীলৱ আৰু কলা-কুশলীসকলৰ আন্তৰিক প্ৰচেষ্টাই নাটখনি উপভোগ্য কৰি তোলে ৷ নাটখনিত দিগন্ত শৰ্মা, বিতু শৰ্মা, শ্ৰাব্য শ্ৰেয়সী, নিত্যানন্দ শৰ্মা, জ্যোতিৰ্ময় দত্ত, পূৰ্ণিমা বৰা, জয়ন্ত বৰা, অংশুমান ভূঞা, মনোজ শইকীয়া, ৰুবুল বৰুৱা, কৰিষ্মা বৰা আৰু জয়ন্ত শইকীয়াৰ অভিনয়ে সকলোকে মুগ্ধ কৰে ৷
দেৱাৰুণ পূজাৰীৰ সংগীত, ভৱ পূজাৰী, ক্ষীৰোদ বৰা আৰু কেশৱ শৰ্মাৰ শীৰ্ষগীত আৰু ৰঞ্জিত বৰুৱাৰ পোহৰে নাটখনি সৰ্বাঙ্গসুন্দৰ কৰি তোলে ৷ উল্লেখযোগ্য যে, দুয়োনিশাই নাটকমৰ সভাপতি আৰু সম্পাদক ক্ৰমে প্ৰভাত শৰ্মা আৰু সত্যেন বৰাৰ সঞ্চালনাত উদ্বোধনী অনুষ্ঠানটি অনুষ্ঠিত হয় ৷
অনুষ্ঠানত নাট্যানুষ্ঠানটি উৎসৰ্গা কৰা প্ৰয়াত তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ উদ্বোধনী অনুষ্ঠানত পৌৰপতি দ্বিপশিখা বৰা, শিক্ষাবিদ কিৰণ শৰ্মা, সমাজকৰ্মী দুলাল শৰ্মা,ডা° বিপুল কুমাৰ নেওগ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷