ঢকুৱাখনা উপ-জিলাত ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ নিষেধাজ্ঞা...

ঢকুৱাখনা উপ-জিলাত ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ নিষেধাজ্ঞা...
ঢকুৱাখনা উপ-জিলাত ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ নিষেধাজ্ঞা...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা উপ-জিলাৰ অন্তৰ্গত ঢকুৱাখনা পৌৰসভা আৰু ঘিলামৰা সদৰ এলেকাত ডাম্পাৰ ,ট্ৰেক্টৰ, ট্ৰাক আদিৰ চলাচলত সময় সাপেক্ষ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্ত্তিক কলিতাই শনিবাৰে মেম নং ডি এম জে ২/২০১৭ /৪০৫ নং নিৰ্দেশনা যোগে উপ-জিলাখনৰ ঢকুৱাখনা পৌৰ এলেকাৰ লগতে ঘিলামৰা সদৰৰ ৰাজপথৰ লগতে সমগ্ৰ উপ জিলাখনত সকলো ধৰণৰ দাম্পাৰ ,ট্ৰাক, ট্রেক্টৰ আদিৰ চলাচলত প্ৰতি দিনে পুৱা ৮ বজাৰ পৰা ৯-৩০ বজালৈ আৰু বিয়লি ১ বজাৰ পৰা ৩ বজালৈ নিষেধাজ্ঞা জাৰি কৰিছে।

শিক্ষানুষ্ঠানসমূহৰ আৰম্ভণি আৰু ছুটীৰ এই সময় চোৱাৰ সাম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত উপ-জিলা আয়ুক্তগৰাকীয়ে এই নিষেধাজ্ঞা জাৰি কৰিছে। তাৰোপৰি উ-জিলা আয়ুক্তগৰাকীয়ে সকলো ট্রেক্টৰ,ট্রেইলাৰ, ট্ৰাক আৰু ডাম্পাৰ আদিৰ যাবতীয় নথিপত্ৰ উপলব্ধ হোৱাৰ লগতে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ ট্ৰেইলৰৰ পাছ দুৱাৰ থকাটো বাধ্যতামূলক কৰি ইয়াৰ অন্যথাই এনে বাহনৰ চলাচল নিষেধ কৰিছে।

তাৰোপৰি মাটি, শিল বালি আদি সামগ্ৰী কঢ়িওৱা সময়ত এনেবোৰ বাহনে উক্ত সামগ্ৰী সম্পূৰ্ণ ৰূপে ঢাকি সৰবৰাহ কৰাৰ নিৰ্দেশনা জাৰি কৰি জৰুৰীভাবে কাৰ্যকৰী হোৱাকৈ জনস্বাৰ্থৰ খাতিৰত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি কলিতাই জনাইছে।

ঢকুৱাখনা উপ-জিলাত ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ ক্ষেত্ৰত প্ৰশাসনৰ নিষেধাজ্ঞা...
সুৰা সেৱন কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in