/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c266f0a4-1963-4911-b15a-306f0365185f/ranjeet_dutta_6.jpg)
সুৰা সেৱন কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ...
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিহালীৰ চাৰিবাৰৰ বিধায়ক ৰঞ্জিত দত্তৰ একমাত্ৰ পুত্ৰ দ্বিপজ্যোতি দত্ত যোৰাবাট আৰক্ষীৰ জালত পৰিল৷ জানিব পৰামতে শুকুৰবাৰে নিশা যোৰাবাট আৰক্ষীৱে বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ দ্বিপজ্যোতি দত্তই সুৰামত্ত অৱস্থাত বাহন চলোৱাৰ অপৰাধত আটক কৰাৰ লগতে আন ৩ জন সুৰামত্ত যুৱককো আটক কৰিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/40454565-159c-4083-a7eb-feb394afacad/e65ea1d4_f8dc_44b2_bf4b_97d531bf782b.jpg)
জ্যেষ্ঠ বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ একপুত্ৰ তথা বিশ্বনাথ জিলা যুৱ মৰ্চাৰ সম্পাদক দ্বিপজ্যোতি দত্তই মদ খাই চলোৱা AS-32-A-3333 নম্বৰৰ বিলাসী ফৰচূনা বাহনখনো জব্দ কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে, প্ৰাক্তন কেবিনেট মন্ত্ৰী, বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰই বাটে পথে মদ খাই ঘূৰি ফুৰাটো কোনো ডাঙৰ কথা নহয় ৷
সুত্ৰমতে, যোৰাবাটৰ ১৩ মাইলৰ পৰা যোৰাহাট আৰক্ষীয়ে আটক কৰে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ দ্বীপজ্যোতি দত্তৰ লগতে ঋষভ দাস আৰু জুমন দাস নামৰ আন দুই যুৱকক। তিনিওজনে অত্যাধিক সুৰাপান কৰি যোৰাবাট আৰক্ষীৰ সৈতে হতাহতি কৰাৰো অভিযোগ উঠিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/2a02995a-9d5c-40d5-878e-1764eb5b86f5/a266e754_3229_4875_a147_f475371828c3.jpg)
উল্লেখ্য বিজেপিৰ বিধায়কৰঞ্জিত দত্তৰ পুত্ৰ দ্বিপজ্যোতি দত্ত হ'ল বিশ্বনাথ বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক তথা বিজেপি নেতা ৷যাৰবাবে দ্বিপজ্যোতি দত্তৰ বাহনত আছে বিজেপি দলৰ ষ্টিকাৰো ৷
নিশা সুৰাসক্ত হৈ গাড়ী চলোৱা অভিযোগত যোৰাবাট আৰক্ষীয়ে আটক কৰা এই তিনিওজন যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে হতাহতিৰ গোচৰটো ৰুজু কৰেনে নকৰে সেইটো লক্ষণীয় হ'ব ৷
Also Read: পুৰণিগুদামৰ কাষৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা..