/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3181ed36-4169-474b-acc2-578bc280865c/hava.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সাম্প্ৰতিক সময়ত সামাজিক অপৰাধ হিচাপে গণ্য হোৱা মাৰাত্মক ড্ৰাগছ আৰু বাল্য বিবাহৰ বিৰুদ্ধে গণ সজাগতা সৃষ্টিৰ এক দীৰ্ঘকালীন কাৰ্যসূচী গ্ৰহণ কৰিছে মিচিং জাতীয় সংগঠনে । সমাজ আৰু সামাজিক পৰিৱেশ বিঘ্নিতকাৰী এনেবোৰ অপশক্তিৰ বিৰুদ্ধে সমাজৰ প্ৰতিটো স্তৰৰ নাগৰিক মাৰবান্ধি থিয় দিয়াৰ লগতে এনেবোৰ মাৰাত্মক কাৰকৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ বাবে সমাজৰ আৰু নাগৰিকৰ কৰণীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থা ,মিচিং সংগ্ৰাম সমিতি আৰু মিচিং মহিলা সমিতিৰ যৌথ উদ্যোগত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে গাঁৱে গাঁৱে সজাগতাসভা অনুষ্ঠিতকৰণ কার্যসূচী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6fbf0c6e-e1ae-4d05-b63a-476d783587c5/225bf490_e7de_4674_9616_8e65b6d148eb.jpg)
তিনি মিচিং জাতীয় সংগঠনৰ ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিৰ প্ৰতিখন গাঁৱত ৰাইজ, অভিভাৱক, যুৱ প্ৰজন্ম আৰু সমাজ সচেতন ব্যক্তিৰ উপস্থিতিত ঢকুৱাখনা আৰক্ষী প্ৰশাসনৰ সহযোগিতাত অনুষ্ঠিতব্য এই সজাগতামূলক কাৰ্যসূচী বৃহস্পতি বাৰে শুভাৰম্ভ কৰা হয় জিলা সমিতিৰ অন্তৰ্গত পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ পৰা। সদৌ মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি ক্ষীৰুদ পেগু, মিচিং সংগ্ৰাম সমিতিৰ জিলা সম্পাদক গণেশ দলে, জিলা যুটীয়া সম্পাদক অমৃত দলে, আঞ্চলিক সমিতিৰ নেতৃবৰ্গ আৰু ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধিৰ লগতে গৰিষ্ঠ সংখ্যক নাগৰিকৰ উপস্থিতিত আঞ্চলিকখনৰ টুৰিবাৰী আৰু কৰদৈগুৰিত দুখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
যুৱ প্ৰজন্মৰ মাজত কিদৰে এই অবৈধ, আইন বিৰুদ্ধ, নিষিদ্ধ বাল্য বিবাহ আৰু মাৰাত্মক ড্ৰাগছ ,ভাং আদিৰ প্ৰচলনে সামাজিক অশান্তি আৰু হিংসা বিয়পাই দিছে তাৰ বস্তুনিষ্ঠ দিশ সমূহ অৱলোকন কৰি বিভিন্ন বক্তাই বক্তব্য ৰাখে । সামাজিক অভিশাপ স্বৰূপ এই ড্ৰাগছ, বাল্য বিবাহৰ বিৰুদ্ধে ৰাইজ মাৰবান্ধি ওলাই আহি এখন নিকা, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল সমাজ গঠনৰ অংশীদাৰ হ'বলৈ সজাগতা সভাত ৰাজহুৱা আহ্বান জনোৱা হয়।
দুয়োখন সজাগতা সভাত এইক্ষেত্ৰত অভিভাৱকসকলৰ কৰণীয় আৰু দায়িত্ব কৰ্তব্য অধিক বুলি দোহাৰি এখন সংস্কাৰী ঘৰ আৰু এটা সংস্কাৰী পৰিয়ালৰ পৰাই এখন পৰিশীলিত সমাজ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে জাতীয় সংগঠনে গ্ৰহণ কৰা এই সময়োপযোগী পদক্ষেপত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হয়। উল্লেখ্য যে পৰৱৰ্তী সময়ত জিলা সমিতিৰ অধীনৰ সকলো গাঁওত ধাৰাবাহিক ভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা নেতৃত্বই জানিবলৈ দিছে ।
Also Read: মাকৰ সন্মুখতে ঘঁৰিয়ালে টানি নিলে পুত্ৰক