/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9a958a65-82e5-46f5-93a8-eb90c99664a1/lakhimpur_21.jpg)
লখিমপুৰ জিলাৰ ২১৮ খন প্ৰাথমিক বিদ্যালয়লৈ শ্ৰেষ্ঠত্বৰ বঁটা...
ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলা সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত মুঠ ২১৮ খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃ গোটে প্রদর্শন কৰা স্বকীয় আৰু আদৰ্শনীয় পাৰদৰ্শিতাৰ বাবে মঙ্গলবাৰে জিলা ভিত্তিত সন্মানিত কৰা হয়। লখিমপুৰ জিলা সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদর্শকৰ সভা গৃহত মঙ্গলবাৰে এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখন সভা ।
লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা সমগ্ৰ শিক্ষা অভিযানৰ ভাৰপ্ৰাপ্ত জিলা সমন্বয়ক গীতালি দুৱৰা, লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদর্শক হেম কান্ত শইকীয়া, লখিমপুৰৰ বিদ্যালয়সমূহৰ উপ-পৰিদর্শক দেৱ ৰাম কুটুম, জিলা আঁচনি বিষয়া (সমাজ জড়িতকৰণ) নিভা ৰাণী শইকীয়া, জিলা আঁচনি প্ৰবন্ধক বৰ্ণালী চিন্তে , জিলা আঁচনি বিষয়া গীতালি নেওগ, বিত্ত বিষয়া (মধ্যাহ্ন ভোজন), দিব্য জ্যোতি পেগু , জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) গুনজিত ঠাকুৰীয়া, জিলা সমগ্ৰ শিক্ষা অভিযানৰ গৰিষ্ঠ সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাৰ আঁত ধৰে জিলা আঁচনি বিষয়া ডেৰাজুল হুছেইনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e2efe450-0a70-4976-ad6c-cd7d3de6fa75/a05d31a3_3813_4a3f_b188_fda5c72cc8aa.jpg)
জিলা আঁচনি বিষয়া নিভা ৰাণী শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ২০২২-২০২৩ বর্ষৰ গুণোৎসৱত বিশেষ পাৰদৰ্শিতা প্রদর্শন কৰি বিদ্যালয়খনক সৰ্বতোপ্ৰকাৰে উত্তৰণৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হোৱা জিলাখনৰ মুঠ ২১৮ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক সন্মানিত কৰা হয় ।
জিলা পৰ্য্যায়ত সন্মানিত এই শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি আদিৰ উপস্থিতিত প্ৰশংসা পত্ৰ আৰু স্মাৰক প্ৰদান কৰি সমাজ দায়বদ্ধ আৰু গুণগত শিক্ষাৰ গৰিমা বিকিৰিত কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাত বৰেণ্য অৱদান আগবঢ়াই অহাৰ বাবে জিলা সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা অভিনন্দন জনাই বক্তব্য আগবঢ়াই ক্ৰমে ভাৰপ্ৰাপ্ত জিলা সমন্বয়ক গীতালি দুৱৰা , বিদ্যালয়সমূহৰ পৰিদর্শক হেম কান্ত শইকীয়া , শিক্ষা বিষয়া দেৱ ৰাম কুটুম আদিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cb116c29-404e-4320-bfd3-0f435187d93c/08ce81b2_d10b_46f0_b3d6_7f4b6194e32a.jpg)
উল্লেখ্য যে, ২০২২-২০২৩ বর্ষৰ গুণোৎসৱত বি , এবি আৰু এ+ স্বীকৃতি লাভ কৰা ঢকুৱাখনা শিক্ষা খণ্ডৰ মুঠ ৩৮খন বিদ্যালয় , ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ ২৫ খন বিদ্যালয়কে ধৰি জিলাখনৰ ২১৮ খন বিদ্যালয়লৈ জিলা ভিত্তিক প্ৰদান কৰা এই বিশেষ মান্যতাই নিশ্চিতভাৱে শিক্ষানুষ্ঠান সমূহক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে।