ডিজিটেল সংবাদ, ঢকুৱাখনা: বাৰ্ধক্য আৰু দৰিদ্ৰতাই কোঙা কৰা এগৰাকী বৃদ্ধা মহিলাক এজন উন্মত্ত যুৱকে প্ৰাণনাশী আক্ৰমণ কৰাৰ এক বৰ্বৰ কাণ্ডই জোকাৰি গৈছে ঢকুৱাখনা। ঘটনাৰ স্থান ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱনী গাঁও। যোৱা ২০অক্টোবৰৰ বিয়লি প্ৰায় ৪-২৫ বজাত নিজা ঘৰত প্ৰাত্যহিক কৰ্মত ব্যস্ত থকা অৱস্থাত গাঁওখনৰ প্ৰয়াত ললিত গগৈৰ পত্নী অমিয়া গগৈক প্ৰাণনাশী আক্ৰমণ চলাই এজন উন্মত্ত যুৱকে।
ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত লাওঁকোঠ গাঁওৰ উপেন গগৈৰ পুত্ৰ দেৱজিৎ গগৈ ওৰফে বাবুৱে ঘৰত অন্য ব্যক্তি নথকাৰ সুযোগ বুজি বলপূৰ্বকভাৱে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি কৰ্মৰত মহিলা গৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে । কোনো কাৰণ নথকাকৈ অকলশৰীয়া মহিলা গৰাকীৰ গাৰ কাপোৰ ফালি অভদ্ৰ আচৰণ কৰাৰ উপৰিও মাতাল প্ৰকৃতিৰ যুৱকজনে মুখ মণ্ডল, মূৰ আৰু সৰ্ব শৰীৰত নিৰ্মমভাৱে আক্ৰমণ কৰে।
নিঃসহায় মহিলাগৰাকীৰ মৰণ কাতৰ আৰ্তনাদ শুনি ওচৰৰ এগৰাকী মহিলা আৰু পুৰুষ দৌৰি আহি ঘৰত প্ৰৱেশ কৰাৰ সময়তে উন্মত্ত যুৱকজনে নিজৰ "গ্লেমাৰ" বাইকলৈ পলায় যাবলৈ সক্ষম হয়। তেজেৰে তুমৰলী হৈ মজিয়াত মুমূৰ্ষু অৱস্থাত পৰি ৰোৱা মহিলা গৰাকীক উদ্ধাৰ কৰি ওচৰৰ ৰাইজে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰাৰ লগতে ঢকুৱাখনা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।
যোৱা ২০অক্টোবৰতে ঢকুৱাখনা আৰক্ষীক দুৰ্দান্ত প্ৰকৃতিৰ উন্মত্ত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতো ৪টা দিলেও অভিযুক্তক আটক কৰিবলৈ ঢকুৱাখনা আৰক্ষী সক্ষম নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীৰ এনে শিথিল আৰু দুৰ্বল ভূমিকাৰ বাবে নিঃস্ব মহিলা গৰাকীয়ে প্ৰাণৰ শংকাত ভুগিছে। যিকোনো মুহূৰ্তত নিঃসহায় মহিলা গৰাকীক পুনৰ আক্ৰমণ চলোৱাৰ আশঙ্কা কৰি ঢকুৱাখনা আৰক্ষীক তৎকালে অভিযুক্ত দেৱজিৎ গগৈক গ্ৰেপ্তাৰৰ দাবী জনাইছে ঢকুৱাখনা মহকুমা মহিলা সমিতি আৰু গাঁওবাসীয়ে।
সোমবাৰে ঢকুৱাখনা মহকুমা মহিলা সমিতিৰ সভানেত্রী মঞ্জু গগৈৰ নেতৃত্বত মহিলা নেত্ৰী লিলি চাংমাই, পূৰবী গগৈ আদিয়ে আহত মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ ঘটনাৰ খবৰ লৈ দৰিদ্ৰ মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। মহকুমা মহিলা সমিতিয়ে এগৰাকী নিঃকিন, নিঃস্ব মহিলাৰ ওপৰত চলোৱা এনে বৰ্বৰ প্ৰাণনাশী আক্ৰমনক নিন্দা কৰি তাৎক্ষণিক ভাৱে অভিযুক্ত মাতাল প্ৰকৃতিৰ যুৱকটোক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় আৰক্ষীক।
অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ঢকুৱাখনা আৰক্ষীৰ দুৰ্বল আৰু সোপাধিলা ভূমিকাক কটু সমালোচনা কৰি সকীয়নী প্ৰদানেৰে মহিলাসমিতিয়ে এই ক্ষেত্ৰত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে।
এগৰাকী নিঃকিন মহিলাৰ জীৱনলৈ নামি অহা প্ৰচণ্ড ভাবুকিৰ পাছতো যথোচিত গুৰুত্ব নিদিয়া অকমন্য আৰক্ষীৰ কাণ্ডজ্ঞানহীনতাৰ একেমুখে ধিক্কাৰ দি শীঘ্ৰেই এই উন্নাসিক আক্ৰমণকাৰীটোক গ্ৰেপ্তাৰ কৰি দুৰ্ভগীয়া ভুক্তভোগী মহিলা গৰাকীক উচিত ন্যায় আৰু আক্ৰমণকাৰীক আইন সংগত শাস্তি প্ৰদানৰ দাবী জনাইছে। অন্যথাই ব্যাপক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰো সকীয়নী প্ৰদান কৰিছে ঢকুৱাখনা আৰক্ষীক।