টেটুলৈকে ধাৰত ডুবা ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰকল্পত বিনিয়োগ কৰিব ১ হাজাৰ কোটি...

টেটুলৈকে ধাৰত ডুবা ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰকল্পত বিনিয়োগ কৰিব ১ হাজাৰ কোটি...
টেটুলৈকে ধাৰত ডুবা ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰকল্পত বিনিয়োগ কৰিব ১ হাজাৰ কোটি...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ঘাটামপুৰ প্ৰকল্পত বিনিয়োগ কৰিব অসম চৰকাৰে। আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেট সিদ্ধান্ত অনুসৰি উত্তৰ প্ৰদেশৰ ঘাটামপুৰ প্ৰকল্পত অসম চৰকাৰে ১০০০ কোটি টকা বিনিয়োগ কৰিব। উল্লেখ্য যে, এই প্ৰকল্প উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰ যুটীয়া প্ৰচেষ্টাৰ ফচল।

ঘাটামপুৰ প্ৰকল্পত ভাৰত চৰকাৰৰ অংশীদাৰিত্ব আছে ৫১ শতাংশ। উত্তৰ প্ৰদেশ চৰকাৰৰ অংশীদাৰিত্ব আছে ৪৯ শতাংশ । অসম চৰকাৰে এই প্ৰকল্পত বিনিয়োগ কৰাৰ ফলত ২০ শতাংশ অংশীদাৰিত্ব উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে শ্বেয়াৰ হ'ব।

এই সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰিবলৈ মঙ্গলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। এই প্ৰকল্পত অসম চৰকাৰে ১ হাজাৰ কোটি টকা বিনিয়োগ কৰি লাভ কৰিব ৪০০ মেগাৱট বিদ্যুৎ।

টেটুলৈকে ধাৰত ডুবা ৰাজ্য চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰকল্পত বিনিয়োগ কৰিব ১ হাজাৰ কোটি...
কংগ্ৰেছৰে আসন বুজাবুজিয়ে ক্ষতি কৰিছে CPI(M)ক ! মানিক বাবুৰ অৱসৰঃ বাওদলত বিদ্ৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in