/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/baf5d71c-0d55-47e4-9681-2345e1a705ad/dsf.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া ভ্ৰমণ সূচী লৈ মঙলবাৰে লখিমপুৰ জিলাত উপস্থিত হয়। ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত) পৰিদৰ্শন কৰে আৰু অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াৰ লগতে অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ মুকুণ্ড ৰাজবংশী ,উপাধ্যক্ষ ডঃ ৰঞ্জন বৰুৱা,আৰু অন্যান্য বিষয়ববীয়া সকলৰ সৈতে এক বিশেষ সভাত মিলিত হয়।
মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষকগোট তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ৰাজ্যপালগৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ প্ৰাকৃতিক আৰু শৈক্ষিক পৰিৱেশ সন্দৰ্ভত ৰাজ্যপাল গৰাকীয়ে বিশেষ সন্তুষ্টি প্রকাশ কৰাৰ লগতে বিশ্ব বিদ্যালয় হোৱাৰ পাছত আৰু কৰণীয় আছে বুলি কৈ বিদ্যায়তনিক দিশক উচ্চ প্ৰশংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c80d3b40-4bda-4304-8bf9-63271ad6e74f/16d79ce6_10a0_465f_8b67_c9a9aaffea76.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cf65cffd-b7e7-4628-8ace-54808a8d3afd/4a7732ed_7435_4a82_91ca_5c715134c399.jpg)
ভ্ৰমণ কালত ৰাজ্যপালগৰাকীক সংগ দিয়ে লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তৱান আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ মহাবিদ্যালয়খনৰ এন চি চি কেডেট আৰু জিলা আৰক্ষীয়ে ৰাজ্যপালগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। ইয়াৰ পিছত ৰাজ্যপাল গৰাকীয়ে মহাবিদ্যালয়খনৰ আটাইকেইটা বিভাগৰ বিভাগীয় মুৰব্বী, অধ্যাপক আৰু ছাত্ৰ একতা সভাৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।
উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সমন্বয়ক ড° ৰাঘৱ পাৰাজুলিয়ে কলেজৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ সম্পৰ্কে এক বক্তব্য আগবঢ়াই আৰু মহাবিদ্যালয়খনৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও অৱগত কৰে। মত বিনিময়ৰ সময়ত ৰাজ্যপাল গৰাকীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য আগবঢ়ায়।
উত্তৰ লখিমপুৰ মহাবিদ্যালয়খনে ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগৰণুৱাৰ ভূমিকা পালন কৰিব বুলি ৰাজ্যপাল গৰাকীয়ে আশা প্ৰকাশ কৰে। তেখেতে কৌশলগত শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়াৰ লগতে ছাত্র-ছাত্ৰীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়।
শেহতীয়াকৈ অসম চৰকাৰে মহাবিদ্যালয়খনিক বিশ্ববিদ্যালয় পর্যায়লৈ উন্নীত কৰি এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক তেখেতে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীয়ে জিলা আবৰ্ত ভৱনৰ সভাকক্ষত জনপ্ৰতিনিধি সকলৰ লগত আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে।
তদুপৰি ৰাজ্যপাল গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসন আৰু জিলাস্থিত সুৰক্ষা বাহিনীৰ বিষয়া বৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয়। জিলা আবৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্তৰ লগতে বিভাগীয় মূৰব্বী বিষয়াসকল উপস্থিত থাকে।
Also Read: কানাডাত একাংশ সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছেঃ শ্ৰীলংকা বিদেশ মন্ত্ৰী