কানাডাত একাংশ সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছেঃ শ্ৰীলংকা বিদেশ মন্ত্ৰী

কানাডা প্ৰধানমন্ত্ৰী
কানাডা প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ বিষয়ে এতিয়া দেশ আৰু বিদেশত চৰ্চা হৈ আছে। এতিয়া জাষ্টিন ট্ৰুডোৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিছে শ্ৰীলংকাই।

শ্ৰীলংকাৰ বিদেশ মন্ত্ৰী আলী চাবৰীয়ে সোমবাৰে ইণ্ডিয়া-কানাডা কূটনৈতিক বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে সন্ত্ৰাসবাদীসকলে কানাডাত সুৰক্ষিত আশ্ৰয় লাভ কৰিছে আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কোনো প্ৰমাণ অবিহনে মানহানিকৰ অভিযোগ উত্থাপন কৰিছে।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, তেওঁ আচৰিত হৈছে যে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনো প্ৰমাণ নোহোৱাকৈ অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয় যে, একাংশ সন্ত্ৰাসবাদীয়ে কানাডাত আশ্ৰয় লাভ কৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কোনো প্ৰমাণ নোহোৱাকৈ অপমানজনক অভিযোগ উত্থাপন কৰিছে। তেওঁ শ্ৰীলংকাৰ বাবেও একেই কামে কৰিছিল। শ্ৰীলংকাৰ বিষয়ে কৈছিল যে ইয়াত গণহত্যা সংঘটিত হৈছিল। যি সম্পূৰ্ণ মিছা আছিল। সকলোৱে জানে শ্ৰীলংকাত গনহত্যা হোৱা নাছিল।তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰীক অন্য দেশক সন্ত্ৰাসবাদৰ ওপৰত মন্তব্য নকৰিবলৈ পৰামৰ্শ দিয়ে।

উল্লেখ্য যে, ১৮ ছেপ্টেম্বৰত কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাৰ বাবে ভাৰতক জগৰীয়া কৰিছিল।তাৰ পাছতে দুয়োখন দেশৰ মাজক সম্পৰ্কত বাধা আহি পৰিছিল।

কানাডা প্ৰধানমন্ত্ৰী
ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত এজনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in