/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/26578614-08d7-4e09-b064-397142ddec66/7.jpg)
ডিজিটেল ডেস্কঃ সমাগত লোকসভা সাধাৰণ নিৰ্বাচনৰ বাবে সমগ্ৰ দেশতেই চলিছে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। সমান্তৰালকৈ অসমতো সমষ্টিয়ে সমষ্টিয়ে বলিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে লখিমপুৰত নগদ ধনসহ আটক হৈছে কংগ্রেছ নেতা।
এপিচিচিৰ সম্পাদক জিণ্টু হাজৰিকাক আৰক্ষীয়ে আটক কৰিছে। নগদ ৫ লাখ ৮১ হাজাৰ টকা জিণ্টু হাজৰিকাৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে। নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত এছ এছ টিৰ দলে আটক কৰিছে জিণ্টু হাজৰিকাক। সম্প্ৰতি হাজৰিকাক লখিমপুৰ থানাত সোধা-পোছা অব্যাহত ৰাখিছে। বুজন পৰিমাণৰ ধন নিৰ্বাচনী কামত ব্যয়ৰ বাবে নিয়াৰ সন্দেহ কৰা হৈছে।
Also Read: কঠীয়াতলীত তিৱা ছাত্ৰ সন্থাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা