কঠীয়াতলীত তিৱা ছাত্ৰ সন্থাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা

কঠীয়াতলীত তিৱা ছাত্ৰ সন্থাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত তিৱা ছাত্ৰ সন্থাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, কঠিয়াতলীঃ সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা মাৰাথান দৌৰ প্ৰতিযোগীতাৰ অনুষ্ঠিত কৰা হয়।মাৰাথান দৌৰ প্ৰতিযোগীতাৰ শুভ উদ্বোধন কৰে কঠীয়াতলী আৰক্ষী পহৰা চকীৰ বিষয়া বিকু বৰ্মনে। মাদক দ্ৰব্য মুক্ত সমাজ উদ্দেশ্য আগত ৰাখি মাৰাথান এই দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

Advertisment

উল্লেখ্য যে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ নগাঁও জিলা সমিতিৰ দশম দ্বি বাৰ্ষিক অধিৱেশনখন আজিৰ পৰা কঠীয়াতলী আঞ্চলিক খেল পথাৰত দুদিনীয়ৈ অনুষ্ঠিত হৈছে। এই দুয়োদিনৰ কাৰ্যসৃচীত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব দিছে উদ্যোক্তা সকলো।সমূহ কাৰ্যসৃচীত ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে স্থানীয় ৰাইজে।

Also Read: বৰঘাট বাইপাছত পথ দুৰ্ঘটনা...

marathan run Kathiatoli