পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন ...

অসমৰ মাটিত প্ৰতিবেশী ৰাজ্যৰ আগ্ৰাসন সেয়া কোনো নতুন কথা নহয় । প্ৰায়ে এনে খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে । শেহতীয়াকৈ পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন কৰাৰ খবৰ আহিছে

author-image
Asomiya Pratidin
New Update
পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন ...

ডিজিটেল ডেস্কঃ অসমৰ মাটিত প্ৰতিবেশী ৰাজ্যৰ আগ্ৰাসন সেয়া কোনো নতুন কথা নহয় । প্ৰায়ে এনে খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে । শেহতীয়াকৈ অসমৰ ভূমিত কাষৰীয়া ৰাজ্যই আগ্ৰাসন কৰাৰ খবৰ আহিছে । পুনৰ অৰুণাচলীয়ে দখল কৰিছে আসমৰ মাটিত ।

Advertisment

কাকৈত অসমৰ ভূমিত অৰুণাচল প্ৰশাসনে স্হাপন কৰিছে আৰক্ষী চাউনি । ২২ এপ্ৰিলত অসমৰ চিভিল বাউণ্ডেৰিত লখিমপুৰ প্ৰশাসনে স্থাপন কৰিছিল যুটীয়া বন আৰু আৰক্ষী চাউনি ।

তাৰ সমীপতে বৃহস্পতিবাৰে অৰুণাচলৰ পাপুমপাৰে প্ৰশাসনে অসমৰ বন ভূমিত স্থাপন কৰে চাউনি । এনেদৰে সঘনাই অসমৰ ভূমি দখল কৰা খবৰে শেহতীয়াকৈ সকলো সচেতন নাগৰিকৰ চিন্তিত কৰি তুলিছে ।

Also Read: মঙলদৈ চহৰত পাৰ্কিঙৰ নামত গুণ্ডা টেক্স, সাঙুৰ খাইছে আৰক্ষী বিষয়াৰ নাম

assam arunachal pradesh encroachment