মঙলদৈ চহৰত পাৰ্কিঙৰ নামত গুণ্ডা টেক্স, সাঙুৰ খাইছে আৰক্ষী বিষয়াৰ নাম

মঙলদৈ চহৰত পাৰ্কিঙৰ নামত গুণ্ডা টেক্স, সাঙুৰ খাইছে আৰক্ষী বিষয়াৰ নাম

ডিজিটেল সংবাদ, মঙলদৈঃ যিটো সময়ত ৰাজ্যখনৰ বৈধ-অবৈধ গেটসমূহ বন্ধ কৰা হৈছে, অবৈধ গুণ্ডা টেক্স বন্ধ কৰা হৈছে সেই সময়ত মঙলদৈ চহৰৰ মাজমজিয়াত পাৰ্কিঙৰ নামত চলি আছে গুণ্ডা টেক্স।

বিশেষকৈ চহৰৰ পৌৰসভা কাৰ্যালয়ৰ পূৱ দিশৰ গড়কাপ্টানি বিভাগৰ কাৰ্যালয় আৰু ড° ভূপেন হাজৰিকা পাৰ্কৰ সন্মুখত নিতৌ প্ৰতিখন সৰু-বৰ গাড়ীৰ পৰা ৩০-৫০ টকাকৈ অবৈধভাবে পাৰ্কিং কৰ লোৱাৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে।

এই সম্পর্কত ছিপাঝাৰ, খাৰুপেটীয়া, দুনী, দেওমৰনৈলৈ চলা প্রায় ২০০খন সৰু গাড়ী চালকক দাবী-ধমকিৰে মাছুল আদায় কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

উক্ত স্থানৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৈৰ খাৰুপেটীয়া বাছ আস্থানৰ পৰ্কিঙৰ লেচিৰ ৰছিদকে লৈ ড০ ভূপেন হাজৰিকা পাৰ্কৰ সন্মুখতো পার্কিং লোৱাটো অবৈধ বুলি দাবী কৰি আহিছে দৰং জিলা সৰু গাড়ী মালিক সন্থাই ।

নিতৌ ২০০ খন গাড়ীৰ পৰা লোৱা এই বৃহৎ পৰিমাণৰ ধন আৰক্ষীৰ পকেটলৈও যায় বুলি অভিযোগ উত্থাপন হৈছে ।এই অবৈধ পাৰ্কিঙত নাম সাঙোৰ খালে মঙলদৈ যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃত্যুঞ্জয় শইকীয়া আৰু হাবিলদাৰ মিচকেল আহমেদৰ নাম ৷

এই সম্পৰ্কত বুধবাৰে দৰঙৰ আৰক্ষী অধীক্ষক প্রশান্ত শইকীয়াই আহি ৰাজপথত জিলা পৰিবহন বিষয়াক লগত লৈ বিশদ আলোচনা কৰি চহৰ খনত চৰকাৰৰ অনুমোদিত দহ খন গ্রীন টেক্সিৰ বাহিৰে উক্ত ঠাইত কোনো গাড়ীকে পাৰ্কিং নকৰিবলৈ যানবাহন আৰক্ষীক নিদ্দেশ দিয়ে। অবৈধ ভাবে পাৰ্কিং লোৱা কাৰ্য শীঘ্রে বন্ধ কৰিবলৈয়ো নিৰ্দেশ দিয়ে আৰক্ষী অধিক্ষক গৰাকীয়ে ৷

মঙলদৈ চহৰত পাৰ্কিঙৰ নামত গুণ্ডা টেক্স, সাঙুৰ খাইছে আৰক্ষী বিষয়াৰ নাম
বিহুনৃত্যক লৈ বিৰ্তক! ঢোল-পেপা নহয়, বজালে ভোৰতাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in