
ডিজিটেল সংবাদ, ধেমাজিঃ আজিৰ একবিংশ শতিকাতো ধেমাজিত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ মানৱ জাতিকে লজ্জানত কৰিছে । ২৫ মে'ৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ যি ভিডিঅ' দেখি সকলোকে একেমুখে এনে ঘটনাৰ নিন্দা কৰিছে ।
ভাইৰেল ভিডিঅ'টোত এগৰাকী মহিলাক বান্ধি লৈ ৰাষ্টাই ৰাষ্টাই ঘূৰাই আছে একাংশ লোকে। ডিঙিত আঁৰি দিয়া আছে চেণ্ডেল, গছৰ পাত আদি। ঢ়োল বজাই হাল্লা কৰি মহিলাগৰাকীক লাঠি, এচাৰীৰে খুচি খুচি গাওঁৰ কোনো পথৰেৰে খোজ কঢ়াই নিয়ে এদল লোকে৷
প্ৰাপ্ত তথ্য মতে ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰগাঁও আৰক্ষী চকীৰ এলেকাৰ ভিতৰোৱা অঞ্চলৰ বৰলুং বিজয়পুৰ বালি গাওঁত সংঘটিত হৈছে এই ঘটনা ৷ উল্লেখ্য যে দীপাঞ্জলী মিছং নামৰ এগৰাকী (৫০) অৱলা মহিলাক ডাইনী সজাই হাত বান্ধি প্ৰচণ্ড মাৰপিট কৰি ৰাষ্টাই ৰাষ্টাই ঘূৰাই ফুৰাইছিল একাংশ লোকে ৷
এনে অমানৱীয় ঘটনা যোৱা ১৭ মে'ত সংঘটিত হৈছিল ৷ মহিলা গৰাকীক অত্যাধিক অত্যাচাৰ কৰা বাবে জখম হৈ পৰাত পৰিয়ালে ডিব্ৰুগড়ৰত চিকিৎসালয়ত চিকিৎসা কৰিব লগীয়া হোৱা বাবে যোৱা ২২ মে'ত পৰিয়ালে চিচিবৰগাঁও আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল ৷
ঘটনাটো এসপ্তাহৰ পূৰ্বেই সংঘটিত হৈছিল যদিও পোহৰলৈ অহা নাছিল ৷ ইফালে এজাহাৰত ভুক্তভোগীৰ পুত্ৰ নৱজ্যোতি মিছঙে ঘটনাৰ সবিশেষ বৰ্ণনা কৰি এয়া পৰিয়ালৰ ভূমি সংক্ৰান্তীয় ঘটনাৰ বাবে তেওঁৰ মাতৃক ডাইনী সজাই অবৰ্ণনীয় অত্যাচাৰ চলাইছিল বুলি উল্লেখ কৰিছে ৷
সমস্ত ঘটনাটোৰ বাবে তিনিজনৰ লোকৰ নাম এজাহাৰত উল্লেখো কৰিছে। দৈৱ ক্ৰমে প্ৰাণ ৰক্ষা পৰা মহিলা গৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি পাঁচদিনকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰোৱা হৈছিল যদিও মহিলাগৰাকীৰ স্বাস্থ্যৰ উন্নতি নোহোৱাত ডিব্ৰুগড়ৰলৈ চিকিৎসা কৰিবলৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে ।
মহিলা গৰাকী পৰিয়ালৰ পৰা জানিব মতে এই পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা নকৰা বাবে মহিলা গৰাকীক এতিয়া পৰিয়ালে ঘৰলৈ আনিবলৈ সংকাত ভুগিছে ৷ আজি দেশখনৰ অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনতো ডাইনী সজাই নিৰীহ মহিলাৰ উপৰত এনে পাশৱিক অত্যাচাৰ চলোৱা ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷