প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ঢকুৱাখনাত সাংস্কৃতিক মহাসংগ্ৰামৰ নামত অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ,ঢকুৱাখনা : গ্ৰাম্য সুপ্ত সাংস্কৃতিক প্ৰতিভাক জনদৃষ্টিলৈ অনাৰ এক চৰকাৰী প্ৰয়াস অসম সাংস্কৃতিক মহাসংগ্ৰাম। ৰাজ্য চৰকাৰৰ এই প্ৰয়াসত ঢকুৱাখনাৰ একাংশ বিজেপি নেতা-পালিনেতাৰ বিৰুদ্ধে কালিমা সানাৰ অভিযোগ উঠিছে।

সচেতন একাংশই আক্ষেপ প্ৰকাশ কৰে যে, চৰকাৰী আঁচনি আৰু কাৰ্যসূচী মানেই শাসক গেৰুৱা দলৰ এচাম ধুৰন্ধৰ নেতা-পালিনেতাৰ পৈতৃক সম্পত্তি। এইদৰে গণ্য কৰা অশুভ মানসিকতাক পুনৰবাৰ প্ৰকট হ'ল অসম সাংস্কৃতিক মহা সংগ্ৰাম-২০২৩ কার্যসূচীত।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঢকুৱাখনা বিধানসভা সমষ্টিত চলি আছে গ্ৰামাঞ্চলৰ বিভিন্ন পৰ্যায়ৰ শিল্পীসকলক চিনাক্ত কৰি আয়োজন কৰা প্ৰতিযোগিতা। তাৰেই অংশ হিচাপে সমষ্টিটোৰ অন্তৰ্গত পূব ঢকুৱাখনা পঞ্চায়তৰ সভাপতি অনজিত পেগু আৰু সচিব বিদ্যুৎ পায়েংৰ পৃষ্ঠপোষকতাত পঞ্চায়তখনৰ আগ্ৰহী সকলৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰি নিৰ্দিষ্ট বয়সৰ ভিত্তিত শ্ৰেণী বিভাজন কৰি নাম পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

সেই বয়স ভিত্তিক বিভাজিত পঞ্জীকৃত নাম তালিকা অনুসৰি পঞ্চায়তখনৰ গায়ক- গায়িকাসকলৰ মাজত যোৱা ২৮ নৱেম্বৰত অনুষ্ঠিত কৰা হৈছিল সাংস্কৃতিক মহা সংগ্ৰামৰ প্ৰতিযোগিতা। ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু ৰাভা সংগীত পৰিৱেশনেৰে অনুষ্ঠিত এই প্রতিযোগিতাত স্বজন-তোষণ আৰু আৰু নীতি বিৰুদ্ধ স্থিতি গ্ৰহণৰ এক কাণ্ডজ্ঞানহীন চক্ৰান্ত বুধবাৰে পোহৰলৈ আহিছে।

পঞ্চায়ত ভিত্তিত এই কাৰ্যসূচীৰ সামৰণি মাৰি বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতা মঙলবাৰৰ পৰা ঘিলামৰাৰ কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত কৰা হৈছিল। সমষ্টি ভিত্তিক সাংস্কৃতিক মহাসংগ্ৰামলৈ পূব ঢকুৱাখনা পঞ্চায়তৰ পৰা নিৰ্বাচিত কৰি পঠোৱা প্ৰতিযোগীৰ নাম তালিকাৰ ১২বছৰৰ পৰা ১৮বছৰৰ শিতানৰ এগৰাকী প্ৰতিভা সম্পন্ন প্ৰতিযোগীক চক্ৰান্তমূলকভাৱে বঞ্চিত আৰু প্ৰত্যাক্ষিত কৰিবলৈ এগৰাকী উৰ্ধতন বয়সৰ প্ৰতিযোগীক বয়স কম দেখুৱাই প্ৰথম স্থান দিয়া এক নির্লজ কাণ্ডই এতিয়া সংস্কৃতিৰ নামত অপ সংস্কৃতিৰ পোহাৰ মেলা তথ্য পোহৰলৈ আহিছে।

সংগৃহীত তথ্যমতে, পঞ্চায়তখনৰ কাৰ্য্যালয়ত বিধিগতভাৱে আধাৰ কাৰ্ড দাখিল কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অংকুৰ মনি বৰুৱাই । কিন্তু এইগৰাকী প্ৰতিযোগীক লৈ এক ভয়ংকৰ আৰু নির্লজ ৰাজনীতি খেলিলে স্বাৰ্থপৰ পঞ্চায়তটোৰ গেৰুৱা শক্তিয়ে। নিৰ্দোষী প্ৰতিযোগীগৰাকীক নিৰ্দিষ্ট বয়সৰ শাখাত সংগীত পৰিবেশন কৰিবলৈ সুযোগ নিদি এই ধুৰন্ধৰ চক্ৰটোৱে নীতি বৰ্হিভূতভাৱে ১২ বছৰৰ পৰা ১৮বছৰৰ "এ" শাখাত অন্তৰ্ভুক্ত কৰাই পঞ্চায়ত ভিত্তিক প্ৰথম স্থান দি সমষ্টি পৰ্যায়লৈ নিৰ্বাচিত কৰি পঠিয়াই।

উক্ত নিৰ্বাচিত তালিকাত দ্বিতীয় স্থান লাভ কৰে আটাৰ সুৰুজ কুলি আৰু তৃতীয় স্থানসহ সমষ্টি পৰ্য্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ অর্জন কৰে চয়নিকা লাগাচুৱে । কিন্তু ঘিলামৰাৰ কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত সমষ্টি ভিত্তিক প্ৰতিযোগিতাত বিচাৰকৰ সন্মুখত গীত পৰিৱেশন কৰাৰ পৰৱৰ্তী সময়ত এই ভয়ানক জালিয়াতি পোহৰলৈ আহে।

বিবাহিত প্ৰতিযোগী অংকুৰ মনি বৰুৱাৰ দৈহিক অৱয়ব সন্দৰ্ভত সন্দেহ হোৱাত বিচাৰকে বয়স সন্দৰ্ভত প্ৰশ্ন কৰাত প্ৰকৃত ৰহস্য পোহৰলৈ আহে। বিচাৰকক প্ৰতিযোগীগৰাকীয়ে দাখিল কৰা আধাৰ কাৰ্ডৰ পৰীক্ষা কৰাত ১৯৯৭ চনত জন্মগ্ৰহণ কৰা ২৬ বছৰীয়া প্ৰতিযোগীগৰাকীক নীতি বৰ্হিভূতভাৱে ১২ বছৰৰ পৰা ১৮ বছৰৰ অন্তৰ্গত"এ" শাখাত প্ৰেৰণ কৰাটো ধৰা পৰে।

বিচাৰকে এই শিতানৰ বাবে প্ৰতিযোগীগৰাকীক অযোগ্য বিবেচনা কৰা বুলি জনোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটে । প্ৰতিযোগীগৰাকীয়ে বিধিগতভাৱে নথি-পত্ৰ দাখিল কৰাৰ পাছতো কেৱল পঞ্চায়ত কাৰ্যালয়ৰ দায়িত্বহীন আৰু স্বাৰ্থপৰ নীতিৰ বাবে এনে হোৱাৰ দাবী কৰি সভাপতি অনজিত দলে আৰু সচিব বিদ্যুৎ পায়েংলৈ বহুবাৰ ফোন কৰে। কিন্তু এই দুই দায়িত্বশীল পক্ষই এই জটিল বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব নিদি নিজৰ নিকৃষ্ট মানসিকতা ফাদিল হোৱাত ফোন ৰিচিভ নকৰে।

বহুবাৰ যোগাযোগ কৰিও সভাপতিৰ পৰা সুদত্তৰ লাভৰ পৰা বঞ্চিত হয় প্ৰতিযোগীগৰাকী। ইপিনে বক্ৰপথেৰে প্ৰতিযোগীগৰাকীৰ অজ্ঞাতে সভাপতি দলেৰ ঘনিষ্ঠ প্ৰতিযোগীগৰাকীক জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰি নিয়াৰ কু-চক্ৰান্তৰ বাবে যোগ্য প্ৰথম স্থানৰ পৰা বঞ্চিত হ'ব লগা হ'ল আটাৰ সুৰুজ পেগু আৰু দ্বিতীয় আৰু তৃতীয় স্থানৰ প্ৰতিযোগীসকল।

পঞ্চায়ত কাৰ্য্যালয়ৰ বেপৰোৱামী আৰু সভাপতি-সচিবৰ দুৰ্নীতিগ্ৰস্ত মানসিকতাৰ বাবে এইসকল সম্ভাৱনাপূৰ্ণ সুপ্ত প্ৰতিভা স্বীকৃতিৰ পৰা বঞ্চিত হ'ব লগা হোৱাত প্ৰবল প্ৰতিক্ৰিয়াই গা কৰি উঠিছে। প্ৰশ্ন হৈছে- সাংস্কৃতিক মহাসংগ্ৰামৰ নামত ঢকুৱাখনাত বাস্তৱিকতে কি ঘটিছে ? পঞ্চায়তখনৰ দুৰ্নীতিগ্ৰস্ত সভাপতি-সচিবৰ বিৰুদ্ধে সবল গণতান্ত্ৰিক সংগ্ৰামেৰে প্ৰতিবাদ কৰি অহা মিচিং জাতীয় সংগঠনৰ জিলা নেতৃত্বৰ প্ৰতিযোগী সন্তানক প্ৰথম স্থানৰ পৰা বঞ্চিত কৰিবলৈ স্বাৰ্থপৰ চক্ৰটোৱে গ্ৰহণ কৰা নিকৃষ্ট কাৰচাজি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ হস্তক্ষেপ দাবী জনাইছে।

প্ৰতিনিধিত্বমূলক ফটো
ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত উজলিল যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ 'অহল্যা'
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in