/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/50472585-b3f1-48e9-9da7-2868a532e0f9/AP_FOR_WEB_ahalya.jpg)
ডিজিটেল ডেস্ক : অসমীয়া সাংস্কৃতিক জগতলৈ সুখবৰ। বিভিন্ন সময়ত ভিন্ন পূৰ্ণদৈৰ্ঘৰ ছবি, চুটি ছবি আৰু তথ্য চিত্ৰই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
এনে সময়তে প্ৰচুৰ সম্ভাৱনাময় তথা যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ নৱতম ছবি 'অলহ্যা'ই আন্তৰ্জাতিক পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে। 'অহল্যা' এখন নিৰ্বাক অসমীয়া চুটি ছবি। তেজপুৰত বিভিন্ন অঞ্চলত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/93caad3b-9541-46cf-83cf-5358850dd756/755c5095_e992_4a56_a998_d751f3277267.jpg)
ছবিখন মূলতঃ সত্যৰ সন্ধান বিচাৰি ফুৰা এটা মনক কেন্দ্ৰ কৰি ইয়াৰ কাহিনীভাগ আগবাঢ়ে। আত্মইনো কি বিচাৰে,কেনেকৈ বিচাৰে। তাৰেই এক অন্বেষণ হৈছে 'অহল্যা'। এই ছবিখনে শেহতীয়াকৈ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত নিৰ্বাক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
সাধাৰণতে সোঁতৰ বিপৰীতে গৈ ছবি নিৰ্মাণ কৰি ভালপাই পৰিচালক বাৰ্মাই। প্ৰতিটো বিষয়বস্তু সূক্ষ্ম অধ্যয়নেৰে বিচাৰ কৰি তেওঁ নিৰ্মাণ কৰে ছবিসমূহ। তেওঁৰ ছবিত মূল উপজীৱ্য অসমীয়া লোককথা। অসমীয়া লোকাচাৰ আৰু লোককথাৰ আধাৰত তেওঁ নিৰ্মাণ কৰিছে ভালেকেইখন চুটি ছবি। ঘোঁৰাপাক, অহম,যখিনী, মৰমে ৰিঙিয়াই আদি তেওঁৰ উল্লেখযোগ্য চুটি ছবি। অৱশ্যে 'অহল্যা'ৰ কথা সুকীয়া।
উল্লেখ্য যে, 'অহল্যা'ৰ সফলতাৰ আঁৰত আছে ভালেকেইগৰাকী প্ৰতিভাৱান শিল্পী। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-পৰিচলনাৰ দায়িত্বত আছে চিন্মই বাৰ্মা, সংগীতেৰে সজাইছে নাজনীন উল্লাহ আৰু বিদ্যুৎ বিকাশ বৰুৱাই। ডি অ' পি- অভিষেক বেনাৰ্জী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/eafd0764-f8cf-4f56-936d-e868d2a2dd89/e4e17ce7_cf2d_409c_91b2_4d63b6fe584d.jpg)
দৃশ্যগ্ৰহণ কৰিছে ৰাজবল্লভ শৰ্মা আৰু চয়ন সেনগুপ্তাই। ভি এফ এক্স কৰিছে অংকুৰ শইকীয়াই, কলা নিৰ্দেশনা নিশান্ত দেৱৰ আৰু সহযোগী হিচাপে আছে জংকী শৰ্মা। সম্পাদনা কৰিছে অভিষেক,ৰাজ আৰু চয়নে। ইয়াৰোপৰি অভিনয় শিল্পী হিচাপে আছে এদল প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী। তেওঁলোক হৈছে- সমীক্ষা দাস, চন্দ্ৰাংকী ডেকা, কৰণ কুমাৰ দাস, দিক্ষীতা ৰাজবংশী, দেৱযানী কাশ্যপ, জংকী শৰ্মা, নিশান্ত দেৱ,প্ৰীতি, প্ৰতিভা দাস আদি।
Also Read: লাচিত দ্যা ৱাৰিয়ৰ লৈ অযোধ্য চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা