ঘিলামৰা উন্নয়ন খণ্ডত পি এম ৱাই আঁচনিত বিয়াগোম কেলেংকাৰীৰ অভিযোগ...

ঘিলামৰা উন্নয়ন খণ্ডত পি এম ৱাই আঁচনিত বিয়াগোম কেলেংকাৰীৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
ঘিলামৰা উন্নয়ন খণ্ডত পি এম ৱাই আঁচনিত বিয়াগোম কেলেংকাৰীৰ অভিযোগ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : দুৰ্নীতি অনিয়ম আৰু বিত্তীয় কেলেংকাৰীশূণ্য অসম গঢ়াত তৎপৰতা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । চৰকাৰী আঁচনিৰ পুঁজি সদব্যৱহাৰৰ কঠোৰ নিৰ্দেশনা জাৰি কৰি আহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।

Advertisment

পিছে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডই এনে নীতি নিৰ্দেশনালৈ কেৰেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । খণ্ডটোৰ একাংশ দুৰ্নীতি পৰায়ণ অসৎ বিষয়া কৰ্মচাৰীয়ে অনিয়মকেই নিয়ম কৰি চৰকাৰী পুঁজি অপচয় কৰাত উঠি পৰিহে লাগিছে । যাৰ পৰিণতিত খণ্ডটোত বিয়াগোম বিত্তীয় কেলেংকাৰীৰ সূত্ৰপাত ঘটিছে ।

উথাপিত অভিযোগ অনুসৰি খণ্ডটোৰ একাংশ পঞ্চায়তত ৰূপায়িত হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনিৰ নামত ভয়ানক অনিয়ম আৰু কেলেংকাৰী অব্যাহত আছে । খণ্ডটোৰ উন্নয়ন বিষয়া জিম্পি শইকীয়া আৰু খণ্ডটোৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ উদ্যোগত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীসকলৰ বিপৰীতে আবণ্টিত এই আঁচনিৰ ৰূপায়ণৰ বেলিকা সংঘটিত হৈছে বিয়াগোম বিত্তীয় অনিয়ম।

প্ৰধানকৈ একাংশ হিতাধিকাৰীৰ গৃহ নিৰ্মাণৰ বিপৰীতে চৰকাৰীভাৱে আবন্টন দিয়া "জবকাৰ্ড"ৰ শিতানৰ পুঁজিৰ নামত এনে বিত্তীয় অনিয়ম সংঘটিত হৈছে। এনে অনিয়মৰ থলীৰ এক নমুনা হৈছে বিলমুখ গাঁও পঞ্চায়ত ।

এইখন পঞ্চায়তত খণ্ড উন্নয়ন বিষয়া শইকীয়া , এক্ৰিদিয়েটেড ইঞ্জিনীয়াৰ দীপংকৰ বৰাৰ নেতৃত্বত আৰু একাংশ গ্ৰামোন্নয়ন কৰ্মচাৰীৰ সহযোগত জবকাৰ্ডৰ জৰিয়তে বিশাল চৰকাৰী পুঁজি সৰকাই দিয়াৰ ৰাজহুৱা অভিযোগ সম্বলিত প্ৰামানিক তথ্য পোহৰলৈ আহিছে । বক্রপথেৰে হিতাধিকাৰীৰ পৰিৱৰ্তে অন্য জবকাৰ্ডৰ নামত কামৰ ডিমাণ্ড দি এনেবোৰ চক্ৰই বৃহৎ পৰিমাণৰ আঁচনিৰ পুঁজি হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বিভাগীয় নীতি-নিয়ম পদপিষ্ট কৰি পঞ্চায়তখনৰ বহু কেইটা আৱাস গৃহৰ নিৰ্মাণৰ বেলিকা জবকাৰ্ডৰ জৰিয়তে ধন বিশেষ ব্যক্তিৰ নামত মোকলাই দি এখন লুণ্ঠনৰ নিকৃষ্ট বেহা মেলি অহা বুলি অভিযোগত প্ৰকাশ্যে উল্লেখ কৰি এনেবোৰ দুৰ্নীতি পৰায়ণ পক্ষকে জগৰীয়া কৰিছে । বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ আৰু আত্মীয় দলে উপাধিৰ  এজন গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰত্যক্ষ সহযোগিতাত সংঘটিত এই দুৰ্নীতিৰ কথা জানিব পৰা গৈছে। শীঘ্ৰেই এই ক’লা অধ্যায় পোহৰলৈ অহাৰ সম্ভাৱনাও নথকা নহয়।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) পুঁজিৰ এনেদৰে উদৰস্থকৰণ কেলেংকাৰী ফাদিল কৰাৰ পৰিণতিত ঘিলামৰা উন্নয়ন খণ্ডৰ তদানীন্তন খণ্ড উন্নয়ন বিষয়াসহ বহু কেইজন বিভাগীয় কৰ্মচাৰী ৰঙাঘৰৰ আলহী হ’ব লগা হৈছিল । শেহতীয়াভাৱে পুনৰ একে কেলেংকাৰীৰ পুনৰাবৃত্তি ঘটাৰ তথ্য অনুসন্ধান কালত পোহৰলৈ আহিছে । এই সন্দৰ্ভত নিৰপেক্ষ তদন্ত হ’লে একাংশ বেপৰোৱা গ্ৰামোন্নয়ন বিষয়া কৰ্মচাৰীও যে ৰঙাঘৰৰ আলহী হ’ব সেয়া নিশ্চিত।

Also Read: বহনক্ষম চিকিৎসা কেনেকৈ সম্ভৱ : বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নোমল চন্দ্ৰ বৰাৰ সৈতে বিশেষ সাক্ষাৎকাৰ...

Ghilamara development block