বিজেপিৰ বিৰুদ্ধে ক্ষোভ কোচ ৰাজবংশীৰ...

বিজেপিৰ বিৰুদ্ধে ক্ষোভ কোচ ৰাজবংশীৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকল। শাসনৰ গাদীত বহি সকলো ৰাজনৈতিক দল আৰু শাসক গোষ্ঠীয়ে বিগত এটা দশকৰো অধিক কাল খিলঞ্জীয়াই ভূমিপুত্ৰসকলক প্ৰাপ্য প্ৰদানৰ নামত মাত্ৰ প্ৰতাৰণাহে কৰিলে বুলি অভিযোগ অভিযোগ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।

ছাত্ৰ সংগঠনটোৰ ঢকুৱাখনা জিলা সমিতিৰ বুধবাৰে ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাৰ অন্তত এই মন্তব্য ৰাজহুৱা কৰে ছাত্ৰ সন্থাই। ছাত্ৰ সংগঠনটোৱে কয় ১২ নং লখিমপুৰ লোকসভা সমষ্টিটোত কোচ ৰাজবংশী সকলৰ মুঠ ১ লাখ ভোটাৰ আছে। এই ভূমিপুত্ৰসকলৰ প্ৰতি যোৱা ২০ টা বছৰে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাধিষ্ঠিত বিজেপি চৰকাৰে কেৱল প্ৰতাৰণাহে কৰিলে । কোচ ৰাজবংশী সকলক জনজাতিকৰনৰ ক্ষেত্ৰতে হওক ,বৃহৎ নদীবান্ধৰ ক্ষেত্ৰতে হওক,স্বাস্থ্য, শিক্ষা আদি সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰতে হওক গেৰুৱা দলটোৱে মাত্ৰ শোষণহে কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে।

কোচ ৰাজবংশী ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছে যে বি জে পি দলক কোচ ৰাজবংশী সকলে সমাগত নিৰ্বাচনত সবল বিৰোধিতা কৰিব লাগিব। স্বগোষ্ঠীয় ৰাইজে একত্ৰিত হৈ এই গেৰুৱা দল আৰু দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাক প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত লৈছে।

ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ,দেৱকৃষ্ণ কোচ, সহকাৰী সম্পাদক নোমল ডেকা, সাংগঠনিক সম্পাদক,বিকাশ কোচ, টংকেশ্বৰ ডেকা, দীপক কোচ,বাবাতো ডেকা, মন্টু ডেকা,পবিত্ৰ ৰাজবংশী আদি উপস্থিত থকা সংবাদমেলত গেৰুৱা দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰো ৰাজনৈতিক সক্ৰিয়তা আৰু সদিচ্ছাকলৈ শংকিত বুলি ছাত্ৰ সন্থাই মত প্ৰকাশ কৰি সমাগত লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীসকলক বিবেক ভোটৰ জৰিয়তে এজন বিশ্বাসযোগ্য সদা সক্ৰিয় ভূমিপুত্ৰসকলৰ অভাৱ সমস্যাসমূহৰ স্থায়ী সমাধান কৰিব পৰা প্ৰাৰ্থীকহে জয়ী কৰাৰ আহ্বান জনায়।

লখিমপুৰ লোকসভা সমষ্টিৰ প্রতিতো জাতি জনগোষ্ঠীৰ প্ৰাপ্য ৰাজনৈতিক, সামাজিক অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম এগৰাকী প্ৰাৰ্থীক ভোট প্ৰদানৰ আহ্বান জনায় ছাত্ৰ সন্থাই। সদনত চকু মুদি শুই থকা বাঁহৰ মুঢ়া সদৃশ প্ৰাৰ্থীক উৎখাত কৰি এজন যোগ্য জনদায়বদ্ধ প্ৰাৰ্থীৰ সপক্ষে ভোটদানৰ আহ্বান জনায় জিলা ছাত্ৰ সন্থাই। এই ক্ষেত্ৰত অচিৰেই এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি কোচ ৰাজবংশী সকলৰ ৰাজনৈতিক সিদ্ধান্ত ৰাজহুৱা কৰা হ'ব বুলি স্পষ্ট কৰি দিযে ।

বিজেপিৰ বিৰুদ্ধে ক্ষোভ কোচ ৰাজবংশীৰ...
মৰাণ, ডিগবৈ, দেৰগাওঁ, কলিয়াবৰ, বৰঝাৰত দুৰ্ঘটনাঃ কেইবাজনো লোক নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in