আলি আয়ে লৃগাংৰ প্ৰস্তুতিৰে ঢকুৱাখনাত যুৱ শক্তি নামিছে পথাৰত...

আলি আয়ে লৃগাংৰ প্ৰস্তুতিৰে ঢকুৱাখনাত যুৱ শক্তি নামিছে পথাৰত...
আলি আয়ে লৃগাংৰ প্ৰস্তুতিৰে ঢকুৱাখনাত যুৱ শক্তি নামিছে পথাৰত...

ডিজিটেল সংবাদ ঢকুৱাখনা: সন্মুখত চেনেহৰ হেঁপাহৰ আলি আয়ে লৃগাং। ফাগুন মাহৰ প্ৰথম বুধবাৰে ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ এই কৃষিপ্ৰধান লোক উৎসৱ অনুষ্ঠিত হৈ আহিছে।

জনগোষ্ঠীয় লোক পৰম্পৰা, লোক কৃষ্টি আৰু চহা জীৱনৰে সম্পৃক্ত এই কৃষিভিত্তিত উৎসৱৰ ধাম খুমীয়া ইতিমধ্যে আৰম্ভ হৈছে জনগোষ্ঠীয় বসতি প্ৰধান গ্ৰাম্যাঞ্চলসমূহত। গুমৰাগ চ:মান, ঐনিতমৰ ছন্দোময়তাৰে বন্দিত হৈ ঢকুৱাখনা মহকুমাটোৰ কৃষিজীৱী গ্ৰাম্যাঞ্চল উভতা চামপৰামুখ গাঁওৰ কৃষ্টি প্ৰেমী ৰাইজৰ উদ্যোগত চলিত বৰ্ষৰ দৰে এইবাৰো অষ্টম বাৰ্ষিক আলি আয়ে লৃগাং উৎসৱটি অনুষ্ঠিত কৰাৰ প্ৰাৰম্ভিক তৎপৰতা আৰম্ভ হৈছে।

উভতা চামপৰামুখ চু চাং অপেৰ উদ্যোগত আৰু জ্যোতি কৃষ্টি সংঘৰ সহযোগত অহা ১২ আৰু ১৩ মাৰ্চত কেন্দ্ৰীয়ভাবে এই লৃগাং অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। কৃষ্টি ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হ'ব লগা এই লৃগাংৰ উদযাপনৰ প্ৰয়োজনীয় অৰ্থ সংগ্ৰহৰ বাবে গাঁওখনৰ কৰ্মঠ আৰু উদ্যমী যুৱক-যুৱতীসকলে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।

গাঁওখনৰ যুৱক-যুৱতীসকলে বৃহত্তৰ অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ খেতি পথাৰত থকা পৈণত সৰিয়হ খেতি চপাই, মাৰি গৃহস্থক অৰ্পন কৰি এই শ্ৰমৰ বিনিময়ত আৰ্জিত পুঁজি যুৱ সংঘৰ একাউন্টত জমা ৰাখি গৈছে। গাঁওখনৰ কষ্ট সহিষ্ণু যুৱ শক্তিয়ে পুৱাই ঐক্যবদ্ধ ভাবে খেতি পথাৰলৈ গৈ গৃহস্থৰ নিৰ্দেশ অনুসৰি সৰিয়হ তুলি নিৰন্তৰ পুঁজি সংগ্ৰহ অভিযানত ব্ৰতী হৈ পৰিছে।

ঐনিতমৰ হৃদয় জুৰুৱা কলিৰে কৃষি ভূমিত প্ৰাণোচ্ছল পৰিবেশৰ সৃষ্টি কৰি যুৱক-যুৱতীসকল নামি পৰা এনে অৰ্থ সংগ্ৰহ অভিযান দেওবাৰেও অব্যাহত ৰাখে । দেওবাৰে যুৱক-যুৱতীসকলে গাঁওখনৰ মুঠ ১২বিঘা সৰিয়হ খেতি তুলি উপাৰ্জিত পুঁজি লৃগাং উদযাপনৰ শিতানত জমা দিয়ে ।

গাঁওখনৰ ৬৫ গৰাকী যুৱক-যুৱতীয়ে একেলগে দেওবাৰৰ দিনটোত মুঠ ১২বিঘা সৰিয়হ খেতি তোলা বুলি জানিবলৈ দি এই সমূহীয়া শ্ৰমদান অভিযানেৰে পুঁজি সংগ্ৰহ পৰ্ব অব্যাহত থাকিব বুলি জানিবলৈ দিলে। জাতীয় লোক উৎসৱ পাৰ্বন উদযাপনৰ নামত যিসময়ত হকে বিহকে ধন দাবী ,চাণ্ডা বৰঙণি সংগ্ৰহৰ নির্লজ প্ৰতিযোগিতা চলাই জনজীৱন অতিষ্ঠ কৰি তোলে সেই সময়তে এইসকল আদৰ্শবান যুৱক-যুৱতীৰ এনে আদৰ্শনীয় পদক্ষেপ নিৰ্ত্তান্তই প্ৰশংসাৰ যোগ্য।

আলি আয়ে লৃগাংৰ প্ৰস্তুতিৰে ঢকুৱাখনাত যুৱ শক্তি নামিছে পথাৰত...
বিলাসীপাৰাত সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা অধিবেশন : ২৫গৰাকী শিল্পীলৈ সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in