/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9f37c5db-ab44-48a3-8196-0ac95de9632b/bilashipara_28.jpg)
বিলাসীপাৰাত সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা অধিবেশন : ২৫গৰাকী শিল্পীলৈ সন্মান
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলা সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা সমিতিৰ প্ৰথম সংখ্যক ত্ৰিবাৰ্ষিক অধিবেশন আজি বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অধিবেশনত ২০ গৰাকী শিল্পীলৈ সত্ৰীয়া সংস্কৃতিৰ সেৱক প্ৰয়াত ঘনশ্যাম দাস প্ৰেমদা দাস সোঁৱৰণী বঁটা আৰু আন পাঁচ গৰাকী লৈ সমাজ কৰ্মী প্ৰমদা প্ৰসাদ দাস সোঁৱৰণী বটা, শৰৎ চন্দ্র সিংহ সোঁৱৰণী বটা, নিৰঞ্জন বৰ কলিতা সোঁৱৰণী বটা, সবিতা ৰানী প্ৰধানী বঁটা, দেবেন্দ্রনাথ ৰায় সোঁৱৰণী বটা প্ৰদান কৰা হয়।
সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা সমিতিৰ সভাপতি ড০ হৰিচৰণ দাসে পতাকা উত্তোলন কৰি অধিবেশনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত মহাপুৰুষ শংকৰদেৱ প্ৰমুখ্যে দহ গৰাকী বৰেন্য শিল্পীৰ প্ৰতিকৃতিত শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
এই কাৰ্যসূচী উদ্বোধন কৰে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি মনোৰঞ্জন পায়েঙে।তেওঁ চিত্র শিল্পী প্ৰণৱ দাস সোঁৱৰণী চিত্ৰ প্ৰদৰ্শনীও মুকলি কৰে।
আনহাতে প্ৰাচীৰ পত্ৰিকা মুকলি কৰে সাংবাদিক মোছলেম উদ্দিন আহমেদে। বগৰীবাৰী আৰ্ট অৱ লিভিঙৰ আচাৰ্য ব্ৰহ্মচাৰীয়ে, বেদধ্বনিৰে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে।
সমাজকৰ্মী অঞ্জলি শৰ্মাই মুকলি সভা উদ্বোধন কৰে। সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাংস্কৃতিক মহাসভা অসমৰ কাৰ্যকৰী সভাপতি বিনোদ কুমাৰ বড়়াই। বিশিষ্ট অতিথি ৰূপে প্রধান সম্পাদক প্ৰদীপ কুমাৰ বৰা উপস্থিত থাকে।
অনুষ্ঠানৰ আত ধৰে ধ্ৰুৱ ৰঞ্জন চক্ৰৱৰ্তীয়ে। শিৱাজী কৰ্মকাৰক সভাপতি আৰু ভোলা ৰায়ক সম্পাদক হিচাপে লৈ সাংস্কৃতিক মহাসভা অসমৰ ধুবুৰী জিলা সমিতিৰ নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a237787f-0fa9-486d-9dff-3b8838a02c8d/9ddf8ed7_c442_4fd0_8400_31de8cffc3ab.jpg)
Also Read: ডিব্ৰুগড়ত আৰম্ভ ইন্টাৰনেছনেল চেন্টাৰ ফৰ কালচাৰেল ষ্টাডিজৰ অষ্টম আন্তঃৰাষ্ট্ৰীয় বিশ্ব গুৰু সমাৰোহ