ঢকুৱাখনাত অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ঢকুৱাখনাত অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা দেওবাৰে অনুষ্ঠিত হয়। ঢকুৱাখনাৰ ডিমৰুগুৰি আঞ্চলিক অগপৰ কাৰ্য্যালয়ত দুপৰীয়া অনুষ্ঠিত হয় বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সভাখন।

Advertisment

ঢকুৱাখনা বিধান পৰিষদৰ ২২ খন আঞ্চলিক সমিতিৰ সকলো কাৰ্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰে উক্ত সভাত। ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি মহেশ দলেৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা। বিধান পৰিষদৰ সম্পাদক সমুজ্জল চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰেৰিত পৰ্যবেশক দুলাল দত্তই অংশগ্ৰহণ কৰে।

প্ৰবীণ অগপ নেতা ৰবীন খনিকৰ, উপ সভাপতি প্রিয়ৰাম ফুকন, কেন্দ্ৰীয় বিধান পৰিষদৰ সদস্য প্ৰাঞ্জল দিহিঙীয়া, লখিমপুৰ জিলা পৰিষদৰ উপ সভাপতি মিনাৰাম পেগু, বিধান পৰিষদৰ উপ সভাপতি অজিত দত্ত, সম্পাদক সুৰেন চাংমাই, বিত্ত সম্পাদক নিতুল (টুনটুন) বৰা, কাৰ্যালয় সম্পাদক মহানন্দ দলে, মহিলা পৰিষদৰ সভানেত্রী ৰূপাঞ্জলি চুতীয়া, সম্পাদিকা নিতুমনি গগৈ, বন্তি চাংমাইকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক দলীয় নেতৃত্ব উপস্থিত থাকে।

আঞ্চলিক দলটোৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আঞ্চলিক আৰু ভোট কেন্দ্ৰ সমিতিসমূহৰ কৰণীয়তা সন্দৰ্ভত শীর্ষ নেতৃত্বই সাংগঠনিক বক্তব্য আগবঢ়াই। সভাত জাতীয়তাবাদী মানসিকতা চিন্তা চেতনা সুৰক্ষিত কৰাৰ বাবে দলৰ আঞ্চলিক সমিতি সমূহৰ নেতৃবৰ্গই বক্তব্য আগবঢ়াই প্ৰতিগৰাকী দলীয় নেতৃত্বই সুবিধাবাদী মানসিকতা ত্যাগ কৰি প্ৰকৃত জাতীয়তাবাদী আদর্শ বৰ্তাই ৰখাৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱাৰ বাবে আত্মনিয়োগ কৰিবলৈ সমূহীয়া সংকল্প গ্ৰহণ কৰে।

সভাত লোকসভা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দলটোৰ পূৰ্বৰ সবল বুনিয়াদ অক্ষুন্ন ৰখাৰ বাবে প্ৰতিগৰাকী আঞ্চলিক নেতৃত্বই গুৰুত্ব আৰোপ কৰি মতামত আগবঢ়াই।তাৰোপৰি মিত্ৰশক্তিৰ প্ৰাৰ্থী গৰাকীৰ সপক্ষে ঐক্যবদ্ধ প্ৰচাৰ চলাই মিত্ৰশক্তিৰ প্ৰাৰ্থী গৰাকীক সৰ্বোচ্চ ব্যৱধানত জয়ী কৰাৰ সৰ্ব্বসন্মত সংকল্প গ্ৰহণ কৰে কাৰ্যনিৰ্বাহক সভাত। সভাৰ পূৰ্বে নৱনিৰ্মিত ডিমৰুগুৰি আঞ্চলিক গণ পৰিষদৰ স্থায়ী কাৰ্য্যালয়ৰ উৰুলি মংগল ধ্বনিৰ মাজত উদ্বোধন কৰে জিলা সভাপতি মহেশ দলেয়ে।

Also Read: দৰঙৰ ধূলাত IPL জুৱাৰী গ্ৰেপ্তাৰ

dhakuakhana agp