ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...

ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...

ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত অসম আৰু অসমীয়াৰ জাতীয় অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত আত্ম প্ৰকাশ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। বিগত ৩৮ বছৰীয়া সুদীৰ্ঘ পৰিক্ৰমাত আঞ্চলিকতাবাদী আৰু আঞ্চলিকতাবাদত বিশ্বাসী জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাত আত্মনিয়োগ কৰি অহা এই ৰাজনৈতিক দলটোৰ ৩৯সংখ্যক প্ৰতিষ্ঠা দিবস ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত উদযাপিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।

Advertisment

দলৰ ঢকুৱাখনাস্থিত বিধান পৰিষদৰ কাৰ্য্যালয় সমন্বয় ভৱনত অহা ১৪ অক্টোবৰ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিতব্য এই প্ৰতিষ্ঠা দিৱস উপলক্ষত উক্ত দিনা কাৰ্য্যালয় চৌহদত গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, নাম প্ৰসঙ্গ, দিহা নাম, বয়স্ক নাগৰিকক মান্যতা প্ৰদান বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

এখন উন্নয়নকামী, ভাতৃত্ববোধ সম্পন্ন ,প্ৰগতিশীল অসম গঢ়াৰ সংকল্পত দীক্ষিত গণ পৰিষদ দলটোৰ এই ৩৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীত দলৰ সমূহ কৰ্মকর্তা, শুভাকাংক্ষী তথা আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজ উপস্থিত থাকি একাজলি আশীৰ্বাদ প্ৰদানৰ বাবে আহ্বান জনাইছে প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰিয়ৰাম ফুকন, কাৰ্যকৰী সভাপতি ৰূপাঞ্জলী চুতীয়া আৰু সম্পাদক ৰঞ্জিত বৰাই।

Also Read: গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান বাতিল...

অসম গণ পৰিষদ