/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/08272e77-85a4-449b-bf5a-d9a35b89c298/77.jpg)
ডিজিটেল ডেস্কঃ ভাৰত জোড়ো যাত্ৰা’ৰ পিছত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিছে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা ।
এই যাত্ৰাৰ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে ৰাতিপুৱাই মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হয় ৷ দ্বিতীয় দিনা পুৱা ৭:৩০ বজাত শিবিৰত দলৰ পতাকা উত্তোলনৰে আৰম্ভ হয় এই যাত্ৰা।
মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰই পতাকা উত্তোলন কৰে । তাৰ পিচত কাংপোকপি আৰু পিচত মণিপুৰৰ সেনাপতিলৈ যাত্ৰা কৰে ৷ ইয়াৰ পিছতে এই যাত্ৰাই চেকমাইৰ পৰা হৈ নাগালেণ্ডত প্ৰৱেশ কৰাৰ কথা। নাগালেণ্ডতে নিশা পাৰ কৰি পুনৰ পুৱা আৰম্ভ কৰিব যাত্ৰা।
উল্লেখ্য যে দেওবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ থৌবালৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰিছে। এই যাত্ৰাই ৬৭ দিনত ৬,৭০০ কিলোমিটাৰ অতিক্ৰম কৰিব আৰু দেশৰ ১১০ খন জিলাৰ মাজেৰে পাৰ হ'ব ।
जानें: ये भारत जोड़ो न्याय यात्रा क्यों हो रही है? #BharatJodoNyayYatra 🇮🇳 pic.twitter.com/6cCUI1wpjd
— Mallikarjun Kharge (@kharge) January 14, 2024
১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাই নাগালেণ্ডৰ মাজেৰে পাৰ হৈ ১৮ জানুৱাৰীত আমগুৰি হৈ অসমত প্ৰৱেশ কৰিব।
LIVE: Bharat Jodo Nyay Yatra | Karong to Mao Gate | Senapati | Manipur https://t.co/Yn22wxrSGC
— Rahul Gandhi (@RahulGandhi) January 15, 2024
Also Read: আলফা(স্বা)ৰ শিবিৰত ভোগালীৰ আনন্দ