ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। ঢকুৱাখনা মহকুমাত বিদ্যুৎ বিভাগৰ প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াকৈ যোগান ধৰাত ব্যৰ্থতা আৰু গ্ৰাহকৰ ওপৰত অত্যাধিক মাচুলৰ বোজা জাপি দিয়া অবিবেচকী কার্যৰ বিৰুদ্ধে আজি সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

Advertisment

ঢকুৱাখনা মহকুমাত সঘনাই দেখা দিয়া বিদ্যুৎ যোগানহীনতা,সামান্য বতাহ বৰষুণ আহিলেই মহকুমাটোত বিদ্যুৎ যোগান বহুদিনলৈ বন্ধ হোৱা , গ্ৰাহকৰ ওপৰত অত্যধিক মাচুলৰ বোজা জাপি দি জনজীৱন অতিষ্ঠ কৰি তোলা আদি বিভিন্ন দাবীৰ সমৰ্থনত ছাত্ৰ সন্থাই গোবিন্দপুৰ চাৰিআলিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিকৃতি দাহ কৰে । সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য আকাশ কোচ , ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰা, পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য বৰুৱা আদিৰ নেতৃত্বত বহু সংখ্যক ছাত্ৰ কৰ্মীয়ে বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ বিৰুদ্ধে শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে ।

ছাত্ৰ সন্থাই ৰাজপথৰ ওপৰত বিদ্যুৎ বিভাগৰ পুত্তলিকা দাহ কৰি এনে সমাজ বিৰোধী স্থিতি পৰিহাৰ কৰি মহকুমাটোত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে বৰ্দ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবী জনায় । অন্যথাই পুনৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী প্ৰদান কৰে আঞ্চলিক ছাত্ৰ সন্থাই।

Also Read: কামপুৰৰ বগলাজান পঞ্চায়তত বানৰ সংহাৰ

aasu protest dhakuakhana