চৰকাৰক সমালোচনা নকৰিব, জেলৰ ভাত খাব লাগিব -"আপ"

ৰাজ্যিক সভাপতি গৰাকীয়ে বুধবাৰে ঢকুৱাখনাত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
চৰকাৰক সমালোচনা নকৰিব, জেলৰ ভাত খাব লাগিব -"আপ"

ডিজিটেল সংবাদ, ঢকুৱাখনা: "সমগ্ৰ ভাৰতবৰ্ষত অৱধাৰিত ভাবে এতিয়া চৰকাৰৰ শোষণ নীতি। যিয়েই চৰকাৰৰ ক্ৰুটি বিচ্যুতি দেখুৱাই চৰকাৰৰ বিৰুদ্ধে কথা কব, সমালোচনা কৰিব তেওঁকেই সময় সুবিধা পালেই জেলত সোমোৱাবলৈ চেষ্টা কৰিব।"- এই মন্তব্য আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ ।

Advertisment

ৰাজ্যিক সভাপতি গৰাকীয়ে বুধবাৰে ঢকুৱাখনাত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে। দলৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথক অসম আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে মঙ্গলবাৰে  গুৱাহাটীত আটক কৰি থানালৈ নিয়াৰ সন্দৰ্ভত এই মন্তব্য কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ।

বুধবাৰে আটকাধীন "আপ"ৰ মুখপাত্ৰ গৰাকীৰ ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চেনিমাৰী গাঁৱস্থিত বাসভৱনত উপস্থিত হয় শীর্ষ দলীয় নেতা গৰাকী। ৰাজ্যিক মুখপাত্ৰ গৰাকীৰ ঘৰত উপস্থিত হৈ মুখপাত্ৰ গৰাকীৰ  পিতৃ ধৰ্মকান্ত নাথ, মাতৃ সংগীতা নাথ, আইতাক থানেশ্বৰী নাথ আৰু আত্মীয় স্বজনেৰে মতবিনিময় কৰি কয় "সুশান্ত নাথ অকলশৰীয়া নহয় । আমি সুশান্তৰ লগত আছো। আমাৰ এটা পৰিয়ালৰ সদস্য সুশান্ত ।" এই বুলি আশ্বাস দিয়ে।

সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৌধুৰীয়ে কয়, সুশান্তই সামাজিক মাধ্যমত দিয়া মন্তব্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই "টুইটাৰ"ত দিয়া এক মন্তব্যৰ ওপৰত ভিত্তি কৰি দিয়া প্ৰতি মন্তব্য। য'ত মুখ্যমন্ত্ৰীজনে কৈছিল "সৰুসজাই বিহু বিনামূলীয়া নহবও পাৰে। সৰুসজাইৰ বিহু চাবলৈ কলাক্ষেত্ৰৰ পৰা টিকট সংগ্ৰহ কৰিব পাৰিব।

টিকটৰ অভিধানিক অৰ্থই হ'ল পইচাৰ বিনিময়ত সংগ্ৰহ কৰা কাগজ । মুখ্যমন্ত্ৰী গৰাকীৰ সেই "টুইট"ৰ আক্ষৰিক অৰ্থক ভিত্তি কৰি মুখপাত্ৰ নাথে কৈছিল "চৰকাৰে বিহুৰ নামত দোকান খুলিছে। অসমীয়াই অসমীয়া বিহু চাবলৈ টিকট কাটি যাব লগীয়া হোৱাটো গ্ৰীনিজ বুকত ঠাই পাব লাগে।" এই কথাটোৰ ওপৰতে কিয় আমাৰ নেতা গৰাকীক গুৱাহাটীৰ আৰক্ষীয়ে আটক কৰি আনিলে সেয়াহে আমাৰ বাবে সাঁথৰ হৈ ৰ'ল।

অদ্যপি আৰক্ষীৰ জিম্মাত থকা সুশান্ত কুমাৰ নাথক থানাৰ পৰাই সহন্মানে মোকলাই দিব বুলি "আপ" আশাবাদী বুলি মন্তব্য কৰে। আৰু যদি নিদিয়ে পৰৱৰ্তী সময়ত সেয়া অন্য ৰূপ ল'ব বুলিও মন্তব্য কৰে চৌধুৰীয়ে ।

Also Read: আকৌ এখন যুদ্ধঃ টাইৱান আক্ৰমণ কৰিবলৈ সাজু চীন...

aam admi party