নিৰ্দেশনা নমনা এগৰাকী শিক্ষয়িত্ৰী : অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত

নিৰ্দেশনা নমনা এগৰাকী শিক্ষয়িত্ৰী : অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত

author-image
Asomiya Pratidin
New Update
নিৰ্দেশনা নমনা এগৰাকী শিক্ষয়িত্ৰী : অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মধুপুৰ বাগান প্ৰাথমিক বিদ্যালয়ত নিযুক্ত এগৰাকী সহকাৰী শিক্ষয়িত্ৰীৰ দৌৰাত্ম্যই উদ্বিগ্ন কৰিছে শিক্ষা বিভাগটো। কাৰণ গুৰু গোঁসাই নমনা মালবিকা গোস্বামী নামৰ শিক্ষয়িত্ৰী গৰাকীৰ ইচ্ছাই এতিয়া আইন। সংগৃহীত ৰাজহুৱা অভিযোগ অনুসৰি এইগৰাকী শিক্ষয়িত্ৰীক ঢকুৱাখনা খণ্ড শিক্ষা বিষয়াৰ কাৰ্য্যালযে যোৱা ৪ অক্টোবৰত নিৰ্দেশ নং - বি ই ই অ - ডি এইছ কে/ এল পি-২০২৩/৭৭৯-৮২ যোগে এজনীয়া শিক্ষকেৰে পৰিচালিত কাৰ্পূমপুলি প্ৰাথমিক বিদ্যালয়লৈ অস্থায়ী ভিত্তিত সংযুক্ত কৰি বদলি কৰিছিল।

Advertisment

এগৰাকী শিক্ষকৰে বিদ্যালয় পৰিচালনা কৰাত দেখা দিয়া জটিলতা দূৰ কৰিবলৈ শিক্ষা বিভাগে শিক্ষয়িত্ৰী গোস্বামীক বিদ্যালয়খনলৈ বদলি কৰিছিল। কিন্তু ঢকুৱাখনা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া  দিব্য গগৈয়ে জাৰি কৰা এই বদলি নিৰ্দেশনালৈ  আঙুষ্ঠ দেখুৱাই বিদ্যালয়খনত যোগদান কৰা নাই শিক্ষয়িত্ৰী গৰাকীয়ে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা লাভ কৰিও  দাম্ভিকতাৰে নতুন কৰ্মথলিত যোগদান নকৰি চৰকাৰী নিৰ্দেশনালৈ পিঠি দিয়া গোস্বামীৰ এনে বেপৰোৱা স্থিতিৰ বাবে কাৰ্পূমপুলি প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ ক্ষতি হৈছে।

মুঠ ৫ টা শ্ৰেণীৰ প্ৰায় ৩১ গৰাকী শিক্ষাৰ্থী বিশিষ্ট বিদ্যালয়খনত উদ্ভৱ হোৱা এনে জটিল পৰিস্থিতি সন্দৰ্ভত শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত অৱগত কৰাত উপায়ন্তৰ শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে শিক্ষক গোস্বামীলৈ প্ৰেৰণ কৰিছে "কাৰণ দৰ্শোৱা জাননী"। যোৱা  ১৭ অক্টোবৰত শিক্ষা বিষয়া গৰাকীয়ে নিৰ্দেশ নং-বি ই ই অ /ডি এইচ কে/ শ্ব'কজ ২০২৩/৮২২ যোগে এক জাননী শিক্ষয়িত্ৰী গৰাকীলৈ প্ৰেৰণ কৰি ৪ দিনৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ প্ৰদানৰ নিৰ্দেশ দিয়ে।

জানিব পৰা মতে শিক্ষয়িত্ৰী গৰাকীয়ে কোনো প্ৰত্যুত্তৰ জমা দিয়া নাই । এগৰাকী শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে চৰকাৰী নিৰ্দেশনাক অৱমাননা কৰি  চৰকাৰী বিধি উলংঘা কৰাৰ পাছতো শিক্ষা বিষয়া গৰাকীৰ শিথিল  ভূমিকাত অসন্তুষ্ট অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজ। শিক্ষা বিষয়া গৰাকীৰ দুৰ্বল প্ৰশাসনীয় ব্যৱস্থাৰ বাবেই  খণ্ডটোৰ একাংশ শিক্ষক আৰু কৰ্মচাৰী অবাধ্য আৰু দুৰ্নীতিপৰায়ন হোৱাৰ অশুভ পৰম্পৰা আৰম্ভ হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ইয়াৰোপৰি বিভাগীয় কাৰ্য্যালয়টোত একাংশ কৰ্মচাৰীৰ কৰ্মদিনত অনিয়মীয়া অনুপস্থিতি আৰু নিৰ্ধাৰিত বহু সময়ৰ পূৰ্বে কাৰ্য্যালয় ত্যাগ কৰাৰ এটা পৰম্পৰা অব্যাহত থকাত শিক্ষক আৰু নাগৰিকসকল কাৰ্য্যালয়লৈ আহি প্ৰায়ে বিমুখ হৈ উভতিব লগীয়া হোৱাৰ অভিযোগ অতি পুৰণি। বুধবাৰেও  এনে পৰিস্থিতি পৰিলক্ষিত হয় কাৰ্যালটোত । এই ক্ষেত্ৰত মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ কঠোৰ পদক্ষেপ ৰাইজৰ কাম্য।

Also Read: প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...

education department of assam