প্ৰাক্তন ছাত্ৰ নেতা পংকজ বৰুৱাৰ বিয়োগত ঢকুৱাখনাত শোকৰ ছাঁ

প্ৰাক্তন ছাত্ৰ নেতা পংকজ বৰুৱাৰ বিয়োগত ঢকুৱাখনাত শোকৰ ছাঁ

ডিজিটেল সংবাদ,ঢকুৱাখানা : ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আৰু পৰৱৰ্তী সময়ত সহকাৰী সম্পাদক হিচাপে বলিষ্ঠ নেতৃত্ব আগবঢ়াই যোৱা সদা হাস্যমুখী যুৱক পংকজ বৰুৱাৰ আকস্মিক বিয়োগৰ খবৰে শোকাচন্ন কৰি তুলিছে ঢকুৱাখনা মহকুমা। ঢকুৱাখনা নগৰৰ ঘাহি গাঁও নিবাসী পংকজ বৰুৱাই শুক্ৰবাৰে সন্ধিয়া ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেনুখনাত সংঘটিত এক পথ দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰামতে তেওঁ ৰটি ভি এছ বাইকেৰে ঘাঁৰমৰা গাঁওৰ খুড়াকৰ ঘৰৰ পৰা বাপৰাম পথেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাতপতিত হয়। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজৰ সহযোগত সংজ্ঞাহীন যুৱকজনক ক্ষীপ্ৰতাৰে ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দাম্পত্য জীৱনৰ পাতনি মেলা মিষ্টভাষী যুৱকজনৰ আকস্মিক বিয়োগৰ প্ৰকৃত কাৰণ অদ্যপি পোহৰলৈ অহা নাই । যুৱকজনৰ শৰীৰ কিম্বা বাহন নিখুঁতভাৱে থকাকলৈ পথ দুৰ্ঘটনা নোহোৱাৰ আশঙ্কা কৰা হৈছে। এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।

ইফালে শনিবাৰে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাত অগণন গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনায় । পৰৱৰ্তী সময়ত অন্তিম সৎকাৰৰ ব্যবস্থা কৰা হয় অগণন গুণমুগ্ধ আৰু ইষ্ট কুটুম্বৰ উপস্থিতিত।

একালৰ সবল ছাত্ৰ নেতা হিচাপে পৰিচিত পংকজ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক তথা সতীৰ্থ স্বৰাজ শংকৰ গগৈয়ে। অত্যন্ত নিৰ্জু স্বভাৱৰ সদা কৰ্মঠ সতীৰ্থ গৰাকীক হেৰুৱাই মর্মাহত গগৈয়ে বিদেহ আত্মাৰ চিৰ শান্তি কামনৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা ,ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থা ,ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থায়ো প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰি শোকসভা অনুষ্ঠিত কৰে । শনিবাৰে প্ৰাক্তন ছাত্ৰ নেতাজনৰ নশ্বৰ দেহ ছাত্ৰ সন্থাৰ কাৰ্যালয় ছহিদ ভৱনলৈ নি অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনাই ঢকুৱাখনা ছাত্ৰ সন্থাই।

একালৰ সংগ্ৰামী সতীৰ্থ গৰাকীৰ নশ্বৰ দেহত ছাত্ৰ সন্থাৰ পতাকা, ফুল প্ৰদানেৰে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ সদগতিৰ অৰ্থে ছাত্ৰ সন্থাৰ কৰ্মকর্তাসকলে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।

প্ৰাক্তন ছাত্ৰ নেতা পংকজ বৰুৱাৰ বিয়োগত ঢকুৱাখনাত শোকৰ ছাঁ
চতিয়াৰ গ্ৰামাঞ্চলত হৰিণ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in