/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4f375de9-5e1b-4927-8a64-2d4567ada7a8/chatea_16.jpg)
চতিয়াৰ গ্ৰামাঞ্চলত হৰিণ উদ্ধাৰ...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা হৰিণা পহু শনিবাৰে পুৱা চতিয়াৰ দক্ষিণ অঞ্চলৰ ভোজমাৰী গাঁৱৰ জনাঞ্চলত প্ৰবেশ কৰে। পুৱা প্ৰায় ১০ বজাত গঞাই পহুটো প্ৰত্যক্ষ কৰি লগে লগে বিশ্বনাথ বণ্যপ্ৰাণী সংমণ্ডলত খবৰ দিয়ে।
ইয়াৰ পাছতে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ পহুটো সুকলমে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত পুনৰ বনাঞ্চলত এৰি দিবলৈ সক্ষম হয়।
Also Read: শেৱালী দেৱী শৰ্মাৰ জামিন আৱেদন নাকচ...