/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ecda9699-ae49-439b-84da-577c7b2118be/sowansiri_22.jpg)
সোৱণশিৰিত ডুবিল অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা কোটি টকীয়া জাহাজ...
ডিজিটেল ডেস্কঃ সোৱণশিৰিত ডুব গ'ল এখন কোটিটকীয়া জাহাজ। কোনোমতে ৰক্ষা পৰিল জাহাজখনত শুই থকা ১১ জনকৈ লোকৰ জীৱন। এই জাহাজখনত আছিল ঘাগৰ-ঘূনাসুঁতি ঘাটত পকী দলং নিৰ্মাণৰ বাবে কঢ়িয়াই অনা নিৰ্মাণ সামগ্ৰী।
উল্লেখ্য যে, লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত মংগলবাৰে সংঘটিত হয় এই ঘটনা। জাহাজখন উদ্ধাৰৰ বাবে অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাটোৱে চেষ্টা কৰে যদিও এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
যোৱা নৱেম্বৰ মাহৰ পৰা সোৱণশিৰি নদীৰ ঘাগৰ-ঘূণাসুঁতি ঘাটত অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে ৩৮০ কোটি টকী ব্যয়ৰে এখন পকী দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে। এই নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিবলৈকে বিভিন্ন সামগ্ৰী গুৱাহাটীৰ পৰা কোটিটকীয়া এম টি বীৰদত্ত নামৰ এখন জাহাজেৰে ঘূনাসুঁতিলৈ কঢ়িয়াই আনিছিল।
জাহাজখন সুৰক্ষিতভাৱেই আহি ঘূনাসুঁতি ঘাটত উপস্থিত হোৱাৰ পাছত সোৱণশিৰি নদীৰ পাইচাৰী কৰি ঘাহৰঘাটত লংগৰ পেলায়। কিন্তু আজি মংগলবাৰে পুৱা এই দুখলপীয়া জাহাজখন সোৱণশিৰিত ডুব যায়।
জানিব পৰা মতে এই জাহাজখনৰ তলভাগত ফুটা থকাৰ বাবেই উক্ত ফুটাৰে পানী সোমাই জাহাজখন সোৱণশিৰিত ডুব যায়৷ এই ঘটনাৰ পিছতে মহাইজান অঞ্চলত হুৱাদুৱাৰ সৃষ্টি হয় যদিও দৈৱ্যক্ৰমে জাহাজখনত শুই থকা ১১ জন কৰ্মচাৰী মৃত্যুৰ পৰা ৰক্ষা পৰে৷
ঘটনাৰ পাছতে নিৰ্মাণ সংস্থাটোৰ বিভিন সা-সৰঞ্জামৰ সহায়ত জাহাজখন উদ্ধাৰৰ চেষ্টা চলাই থকা হৈছে যদিও আজি পুৱা পৰ্যন্ত সামান্য পৰিমাণেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব পৰা নাই।
স্মৰ্তব্য, ২০২৩ বৰ্ষতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা সোৱণশিৰি নদীৰ ঘাগৰ ঘূনাসুঁতি ঘাটৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়াও অতি লেহেমীয়া গতিতে আছে৷ অসম মালাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা দলংখনৰ মুঠ ৪১ টা খুঁটাৰ ভিতৰত এই পৰ্যন্ত এটা খুঁটাও সম্পূৰ্ণ কৰিব পৰা নাই ‘অনুপম প্ৰাইভেট লিমিটেড’ নামৰ কোম্পানীটোৱে৷
Also Read: অৱশেষত সন্ধান ওলাল বাংলাদেশৰ নিৰুদ্দিষ্ট সাংসদৰঃ বিলাসী অট্টালিকাত উদ্ধাৰ মৃতদেহ...