বগীনদীত উদ্ধাৰ বুজন পৰিমাণৰ নকল সুৰা...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: জনস্বাস্থ্যৰ প্ৰতি চূড়ান্ত ভাবুকি মাতি লখিমপুৰত অব্যাহত থকা নকল সুৰাৰ এখন কলা বজাৰ বুধবাৰে উন্মোচিত হয় বগীনদীত। লখিমপুৰ আৰক্ষী আৰু বগীনদী আৰক্ষীৰ লগতে লখিমপুৰ সদৰ আবকাৰী চক্ৰৰ জ্ঞাত সাৰেই সুদীর্ঘ দিন ধৰি চলি থকা এই ভেজাল আৰু  অবৈধ সুৰাৰ এক বৃহৎ চক্ৰ উৎখাত কৰে গুৱাহাটীৰ এটা দলে।

লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত খলিহামাৰী গাঁৱত বুধবাৰে আবকাৰী বিভাগৰ '"আবকাৰী ইন্টেলিজেনছ  ব্যুৰ' (ই আই বি)ৰ পৰিদৰ্শক ইমতিয়াজ আলিৰ নেতৃত্বত চলে অভিযান। লখিমপুৰ সদৰ চক্ৰৰ আবকাৰী বিভাগে সহযোগিতা কৰা এই যৌথ অভিযান কালত মেক দুৱেল নম্বৰ ৱান ১৮০ এম এলৰ ৬৭২ বটল, ৩৭৫ এম এলৰ ৪৮ বটল, আৰ এছ হুইস্কি ১৮০ এম এল ৩২০ বটল , ৩৭৫ এম এলৰ ৪৭ বটল , আই বি ব্লু ১৮০ এম এলৰ ১৪৪ বটল , ৩৭৫ এম এলৰ ৪৮ বটল , আই বি ব্লেকৰ ১৮০ এম এলৰ ১৪৪ বটল , ৩৭৫ এম এলৰ ২৪ বটল , বিলাতী সুৰাৰ নকল হল'গ্ৰামৰ ৮ টা কইল, আৰ এছ ,নম্বৰ ৱান আৰু আই বি সুৰাৰ নকল বটলৰ ৪টা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত এটা গোচৰ আবকাৰী আইনৰ ধাৰাত ৰুজু কৰা হৈছে।

অভিযান কালত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটো। জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি নমাই সহজলভ্য মুনাফা অর্জনৰ বাবে এনে দুষ্টচক্ৰই গ্ৰহণ কৰা অবৈধ আৰু নকল সুৰাৰ বেহাৰ লগত জড়িতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপিত হৈছে ।

উল্লেখযোগ্য যে অভিযানকাৰী দলটোৱে নিজস্ব তথ্যৰ ভিত্তিত বগীনদীৰ লগতে ঢকুৱাখনাত অভিযান চলাইছিল। ইপিনে দেশত প্ৰৱৰ্তিত নতুন আইনৰ অধীনত গ্ৰহণ কৰিব লগা সতৰ্কতা আৰু বিধিগত কাৰ্যপন্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে অভিযানকাৰী দলটোৰ বিৰুদ্ধে। যাৰ বাবে এই বৃহৎ চক্ৰটো আইনগত শাস্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ আশঙ্কা কৰাৰ লগতে অন্যান্য আইনগত ব্যৱস্থা গ্ৰহনত জটিলতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । জব্দকৃত নকল সামগ্ৰীসমূহ আবকাৰী বিভাগৰ জিম্মাত ৰখা হৈছে ।

ei muhurtar khabar
বিশিষ্ট নাগৰিকক অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ বঁটা প্ৰদান ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in