/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b02f473c-567f-4aec-a43f-af554186f611/6.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বিপ্লৱী সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে ২০জুন আৰু ২৯জুনত পৃথকে পৃথকে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে৷ ২০ জুনত লাহোৱালৰ মদাৰখাত প্ৰাথমিক বিদ্যালয়ত বৰ্ণিল কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰাৰ লগতে ২৯ জুনত লাহোৱালৰ হাটখোলা ৰাজহুৱা প্ৰেক্ষাগৃহত বঁটা প্ৰদান বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে৷
এই অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও ক্ষেত্ৰত অৰিহণা যোগাই অহা কেইবাগৰাকী বিশিষ্ট নাগৰিকক বিশেষ বঁটাৰে সন্মানিত কৰে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে৷ ৰাজ্যৰখনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা লোকসকলক বঁটাৰে সন্মানিত কৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱাৰ প্ৰেৰণা জনায়৷ লাহোৱালৰ হাটখোলাবাসী ৰাইজৰ সহযোগত হাটখোলা ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বিশেষ অনুষ্ঠানৰ আঁতধৰে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি ড০ কুকিল বৰুৱা আৰু ৰাজ্যিক সভাপতি প্ৰকাশ কায়স্থই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/309d18b6-6ede-4d93-990e-5411e64172ce/f82c5852-1a8c-4b1e-9fd9-0479d244f489.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/69fae7b2-aa8d-43f0-9e0f-5ad3a178c7a0/2bb9ecb8-c6d1-4fae-a0b1-c1924611b1cd.jpg)
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উদযাপন সমিতিৰ সভাপতি তথা লাহোৱালৰ এছ কে এছ ইংলিছ একাডেমিৰ মুখ্য পৰিচালন সঞ্চালক দয়ানন্দ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অৰ্ধ শতাধিক বিশিষ্ট লোকক বঁটা প্ৰদান কৰি সন্মানিত কৰে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে৷ কেইবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদানৰ লক্ষ্য আৰু উদ্দেশ্যে বৰ্ণনা কৰি অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে কয় যে কেতিয়াবা কেতিয়াবা সমাজত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকসকলে যোগ্য সন্মান লাভ নকৰে৷ যিসকল লোকে সমাজৰ আৰ্থ-সামাজিক, ক্ৰীড়া, সাংবাদিকতা, সংস্কৃতি, শিক্ষা আদি দিশত নিৰৱে কাম কৰি থাকে৷ সেই লোকসকলক এখন মঞ্চত চিনাকী কৰি দি সন্মান জনোৱাটোৱে এই বঁটা প্ৰদানৰ উদ্দেশ্যে বুলি কয় অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ নেতৃত্বই৷ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে লাহোৱালৰ কৃষক জীৱেশ্বৰ দত্তক কৃষি বঁটা প্ৰদান কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d51e5418-e3c5-4faf-a0d8-e49e3a41dffb/91cee511-f2ce-4802-a6dd-54aa6fd44bda.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/842ada69-eafd-4257-b508-3a40c17f3588/6d20a027-a35f-4918-8302-c8c9d3b79256.jpg)
ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য কলেজৰ অধ্যক্ষ ড০ খনীন্দ্ৰ মিশ্ৰ ভাগৱতী, লাহোৱাল কলেজৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ দত্ত, শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ কলেজৰ অধ্যক্ষ ভূষণজ্যেতি সন্দিকৈ, শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যতীন গগৈ, কাৰ্বি আংলঙৰ লেংলস্কোৰ ৰং আৰ ই ইংৰাজী এম.ই স্কুলৰ প্ৰধান শিক্ষক সঞ্জীৱ মেধি, ৰহমৰীয়াৰ উদয়ন এম.ই স্কুলৰ প্ৰধান শিক্ষক দীননাথ দত্তক বিশিষ্ট প্ৰশাসক বঁটা প্ৰদান কৰা হয়৷ শিক্ষা বঁটা লাহোৱাল এছ কে এছ ইংলিছ একাডেমিৰ সঞ্চালিকা মুন শ্বাহক প্ৰদান কৰা হয়৷ শিক্ষকতা বঁটা চৰাইদেউৰ বৰহাট বিপিবিএম কলেজৰ প্ৰৱক্তা ড০ বাৰীন্দ্ৰ দাস, কাকপথাৰৰ পিএনজিবি মডেল কলেজৰ প্ৰৱক্তা বিতুৰাজ গোহাঁইক বঁটা প্ৰদান কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/849bc674-03a5-437e-9bc3-1417bad5e1e1/3c3c3405-1337-4133-b27f-85dfbd891950.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cbb5d6d2-5ce0-4604-9b12-2d0a5c8e58bd/f5ed3230-1f9c-496b-9b40-70752357b471.jpg)
আনহাতে সংস্কৃতি বঁটা তিনিচুকীয়াৰ প্ৰসিদ্ধ কবি, লেখক অজিত দত্তক প্ৰদান কৰা হয়৷ সংবাদসেৱা বঁটা টুৱেণ্টী ফৰ লাইফৰ পৰিচালন সঞ্চালক ইমদাদ আলী, দেৰগাঁৱৰ সাংবাদিক বিদ্যান বৰদলৈক প্ৰদান কৰা হয়৷ সামাজিক কৰ্ম বঁটা চাবুৱাৰ সমাজকৰ্মী ড০ হেমন্ত কুমাৰ দাস, লাহোৱালৰ ৰাজাখাট চাহ কোম্পানীৰ পৰিচালন সঞ্চালক চন্দ্ৰজিৎ বৰুৱা, ৰহমৰীয়াৰ সমাজকৰ্মী বসন্ত কোচ, অতুল কোচ, লাহোৱালৰ সমাজকৰ্মী নৃপেন দত্ত, ডিব্ৰুগড়ৰ ডিকম এএফটি চাহ উদ্যোগৰ সঞ্চালক আচলাম খান, মোহনবাৰীৰ সমাজকৰ্মী ৰঞ্জন বৰুৱা, ডিকমৰ সমাজকৰ্মী দিপাংকৰ দত্ত, চাবুৱাৰ সমাজকৰ্মী চন্দনজ্যোতি ফুকন, নন্দন চাংমাই, গুৱাহাটীৰ সমাজকৰ্মী বৰাত হাজৰিকা, ডিকমৰ সমাজকৰ্মী অজয় গগৈ, নিজ ৰহমৰীয়াৰ সামজকৰ্মী ইন্দ্ৰজিৎ দাস, বিশ্বনাথৰ সমাজকৰ্মী মৃদুল দত্ত, বৰটিচুকৰ সমাজকৰ্মী মিণ্টু দাসক প্ৰদান কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/72c0927d-7e9f-4baa-a999-d92e9ff59303/c8da3314-8e8c-473a-ba83-30b310e2ef89.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0f2fac0a-91d0-44ab-8151-a0c8d3c0ab10/ccf3f9fe-1924-49c8-bd22-ae5476279e70.jpg)
ইয়াৰোপৰি সংগঠক বঁটা আসাম ষ্টেট ইষ্টাবলিচ মেম্বাৰ চমুকৈ এবিপিএমৰ কোষাধ্যক্ষ জুৰিমণি বৰুৱাক প্ৰদান কৰা হয়৷ সাংস্কৃতিক বঁটা ৰহমৰীয়াৰ কণ্ঠশিল্পী দিগন্ত গোহাঁই, গুৱাহাটীৰ কণ্ঠশিল্পী ৰাগদীপ চেতিয়া, শিৱসাগৰৰ কণ্ঠশিল্পী বাস্তৱ কুমাৰ, চাবুৱাৰ কণ্ঠশিল্পী নয়না সন্দিকৈ, লাহোৱালৰ কণ্ঠশিল্পী বৃষ্টিমেঘা বৰপাত্ৰ গোহাঁইক প্ৰদান কৰা হয়৷ বঁটা প্ৰদান অনুষ্ঠানত অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰামসিং চাহানি, ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰমেশ কুমাৰ চৌহানৰ লগতে ৰাজ্যিক আৰু বিভিন্ন জিলাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/19866a10-4654-4e47-bb37-b703495ce27e/fa3df598-1a3e-4e7e-891d-b76e3edf49b0.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e12b92e2-e518-4099-b4e8-8eb56ba5dcea/ac39b0a6-40e4-42d5-af7b-dbd1eaa65db8.jpg)
Also Read: ঢকুৱাখনা এক্টিং একাডেমীৰ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা...