ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী নিষ্ঠাবান গৃহৰক্ষী বাহিনীৰ জোৱান, ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ নিবাসী সৰবৰহী ব্যক্তি দিবাকৰ চেতিয়া(৩৪)ৰ যোৱা ২২ছেপ্টেম্বৰত অকাল মৃত্যু হয়। গৃহৰক্ষী বিভাগৰ এগৰাকী কৰ্তব্য পৰায়ন জোৱান হিচাবে লখিমপুৰ জিলাৰ বিভিন্ন থানাত সেৱা আগবঢ়াই যোৱা চেতিয়াই নিজা গৃহত থকা অৱস্থাতে উৎকট গৰমৰ বাবে হঠাৎ গুৰুতৰ ভাবে অসুস্থহৈ পৰে।
জোৱান গৰাকীক ক্ষীপ্ৰতাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত চেতিয়াই পত্নী দীপামণি চেতিয়া,২ জন পুত্ৰ, এগৰাকী কন্যা সন্তানসহ বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়। চেতিয়াৰ আকস্মিক বিয়োগত সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলত শোকৰ ছাঁ পৰিছে।