ডিজিটেল সংবাদ জামগুৰিহাটঃ উৎকট গৰমে ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে আন এক প্ৰাকৃতিক অঘটন ঘটিছে এইখন অসমত ৷ দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ লগতে প্ৰচণ্ড গৰমত শুকাই গৈছে এসময়ৰ খৰস্ৰোতা জীয়া ভৰলী ৷
অৰুণাচল পাহাৰৰ পৰা অসমৰ মাজেৰে বৈ অহা এই জীয়া ভৰলী নদী ভাদ মাহতে ৮০ শতাংশ পৰ্যন্ত শুকাই যোৱাত চিন্তিত হৈ পৰিছে নদীপৰীয়া কৃষক ৰাইজ ৷ নদীখনকে সম্বল কৰি জীৱন- জীৱিকাৰ পথ সূচল কৰা এইসকল কৃষকে এতিয়া জীয়া ভৰলী নদীৰ এই শীৰ্ণকায় অৱস্থা প্ৰত্যক্ষ কৰি চিন্তিত হৈ পৰাও দেখা গৈছে ৷
বতৰৰ অস্বভাৱিক পৰিবৰ্তন আৰু প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপত জীয়া ভৰলীৰ এনে অৱস্থাই নদীপৰীয়া ৰাইজক প্ৰকৃতিৰ সুৰক্ষাৰ দিশটোকৰ সন্দৰ্ভত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছে। স্থানীয় ৰাইজে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে গছ পুলি ৰোপণৰ লগতে প্ৰাকৃতিক ভাৰাসাম্য অটুট ৰাখিবলৈ বিভিন্ন পদক্ষেপ হাতত লোৱাৰো চিন্তা চৰ্চা কৰিছে।
স্থানীয় ৰাইজে সকলোকে প্ৰকৃতি সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈয়ো আহ্বান জনাইছে।