/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/366ed0ab-76db-4920-abc9-882aa5d43a4f/1.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক মৰিগাঁও জিলাৰ বাৰপূজীয়া অধিৱেশনৰ ২ ফেব্ৰুৱাৰীৰ মুকলি সভাত নাট্য সন্মিলন উপ-সমিতিৰ পূৰ্ণাংগ নাটক আৰু একাংক নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা প্ৰদান আৰু "সাম্প্রতিক অসমীয়া নাটক" শীর্ষক আলোচনা চক্র অনুষ্ঠিত হৈ যায়।
উক্ত অনুষ্ঠানতে পাণ্ডুলিপি প্ৰতিযোগিতাৰ ৬গৰাকী বঁটা প্ৰাপক নাট্যকাৰক বঁটা প্ৰদান কৰাৰ লগতে বিচাৰক আৰু বঁটা আগবঢ়োৱা দাতাসকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা কৃতজ্ঞতা প্রকাশ কৰি সম্ভাষণ জ্ঞাপন কৰা হয়।
সেই অনুসৰি বুধবাৰে গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ বিশিষ্ট সমাজসেৱক, প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাই উক্ত অনুষ্ঠানটিৰ বঁটা সমূহৰ এটি বঁটা আগবঢ়োৱাৰ বাবে শংকৰলাল আগৰৱালাক অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপ-সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা প্রকাশ কৰি সম্ভাষণ জ্ঞাপন কৰা হয়।
শংকৰলাল আগৰৱালা বিশেষ অসুবিধা বশতঃ মৰিগাঁও জিলাৰ বাৰপূজীয়া অধিৱেশনত উপস্থিত হ'ব নোৱাৰাত অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপ-সমিতিৰ আহ্বায়ক দিলীপ কুমাৰ শৰ্মা, বিষয়ববীয়া বিনোদ খনাল সহ অসম সাহিত্য সভাৰ কেইবাগৰাকী বিষয়ববীয়াই তেওঁৰ বৰঙাবাৰীৰ গৃহত গামোচা, চেলেং, কৃতজ্ঞতা পত্ৰ আৰু অধিৱেশনৰ স্মাৰক সহ আন্তৰিক কৃতজ্ঞতা প্রকাশৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
Also Read: ৰৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দা, মৃত্যু ৪ জনৰ