চাৰিকঢ়িয়া নদীৰ পাৰত নিচাযুক্ত সামগ্ৰী সহ ৭ যুৱকক কৰায়ত্ত ৰাইজৰ

চাৰিকঢ়িয়া নদীৰ পাৰত নিচাযুক্ত সামগ্ৰী সহ ৭ যুৱকক কৰায়ত্ত ৰাইজৰ
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত চাৰিকড়িয়া নদীৰ বলাইঘাট এতিয়া নিষিদ্ধ ড্ৰাগছ, ভাংৰ ৰম্যভূমিত পৰিণত হৈছে। পুৱা হ'লেই একাংশ বিপথগামী উদণ্ড যুৱক-যুৱতীৰ সমাগম ঘটা এই বলাইঘাটৰ নদীৰ পাৰত মুকলি ভাবেই নিষিদ্ধ বেহা আৰু অসামাজিক কাম কাজ চলি আহিছে।

সামাজিক পৰিবেশ বিঘ্নিত কৰা এই নিষিদ্ধ কাৰ্যৰ বিৰুদ্ধে নাৰায়ণপূৰ গাঁওবাসী ৰাইজ আৰু গাঁওৰক্ষী বাহিনীযে দীৰ্ঘদিন ধৰি অভিযান চলাই আহিছিল। বহু সময়ত এনে দুষ্কাৰ্য কৰা পথভ্রষ্ট যুৱক যুৱতীক আটক কৰি অভিভাৱকক গতাই দি আহিছিল।

শনিবাৰে বিয়লি এনে অবৈধ কাৰ্যৰ পুনৰাবৃত্তি ঘটে। এখন কলা বৰণৰ এ এছ ০৭/ ভি / ০৭৯০ মাৰুটি এলল্ট বাহনত ড্ৰাগছ সৰবৰাহ কৰি বলাইঘাটত বিক্ৰীৰ বাবে অনা খবৰ লাভ কৰে গাঁওৰক্ষী বাহিনী আৰু নাৰায়ণপূৰ গাঁৱৰ ৰাইজে। গাঁওৰক্ষী বাহিনীয়ে লাভ কৰা তথ্যৰ ভিত্তিত সন্দেহজনক বাহনখনৰ লগতে চালকজনক তালাচী চলোৱাত বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে।

ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত বালি গাঁৱৰ হৃদয় জ্যোতি বৰা নামৰ গাড়ীখনৰ চালকজনৰ পৰা প্ৰায় ১৩ গ্ৰাম ৫২০ মিলিগ্ৰাম সন্দেহজনক ড্ৰাগছ,চিৰিঞ্জ,কন্টেইনাৰ , কিছু সংখ্যক নিচাযুক্ত টেবলেট,ভাং আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৰাইজে। ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰী হৃদয় জ্যোতি বৰাৰ লগত থকা উক্ত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা মুঠ ৬ জন যুৱককো আটক কৰে।

ধৃত যুৱক কেইজন হৈছে পূব ঢকুৱাখনাৰ ভোমা কপচানৰ ৰাজবীৰ দলে,মহঘুলি চাপৰিৰ গ্ৰেনচন দলে, বকুলগুৰিৰ ৰাহুল দলে, মাতমৰা বৰবিলৰ ৰুৱাত দলে,মাজুলীৰ ৰায়ডাঙনি গাঁৱৰ আনন্দ নাথৰ পুত্ৰ বুমন নাথ আৰু শিৱসাগৰ জিলাৰ সোনাৰীৰ বিপন ভূঞাৰ পুত্ৰ ৰাজু ভূঞা ।

তিনিখন বাইকলৈ ড্ৰাগছ বেপাৰী হৃদয় জ্যোতিৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ লগ হোৱা এই যুৱক কেইজনক গাঁওৰক্ষী বাহিনী আৰু ৰাইজে ড্ৰাগছ সহ আটক কৰি ঢকুৱাখনা আৰক্ষীক গতাই দিয়ে।

ঢকুৱাখনা সদৰ থানাৰ অচি কুলদ্বীপ গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ সকলো সামগ্ৰী সহ অভিযুক্তই ব্যৱহাৰ কৰা কেইবাখনো বাহন জব্দ কৰি সদৰ থানালৈ নিয়ে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে।

চাৰিকঢ়িয়া নদীৰ পাৰত নিচাযুক্ত সামগ্ৰী সহ ৭ যুৱকক কৰায়ত্ত ৰাইজৰ
ৰঙাকুৱা উঃ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাম আৰম্ভঃ লাইখুঁটা স্থাপন কৰে পদ্ম হাজৰিকাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in