/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/bc2e34b5-dc5b-4aca-8942-808925d7c5b0/95.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে মঙলবাৰৰ পৰা ঘিলামৰাত আৰম্ভ হৈছে বৃহৎ লোক সংস্কৃতিৰ মহোৎসৱ। ঘিলামৰাবাসীৰ উদ্যোগত আজি পুৱা কৃষ্টি ভৱন প্ৰাঙ্গন নিকাকৰণেৰে উৎসৱৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/bf2f3387-b15d-484e-8f04-1e2e3abef9d4/92960224_7913_47af_8f9b_0cd8ededb6b7.jpg)
প্ৰতিকূল বতৰতো উৎসাহী হৈ পৰা হাজাৰ বিজাৰ লোকসংস্কৃতি প্ৰেমীৰ প্ৰাণোচ্ছল উপস্থিতিৰ মাজত কাৰ্যসূচীৰ প্ৰথম দিনা বিহুৰ পতাকা উত্তোলন কৰা হয়। স্থায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা ,উদযাপন সমিতিৰ সভাপতি দেৱজিৎ বুঢ়াগোহাঁইৰ পতাকা উত্তোলন কৰা পাছতে বিহুবাকৰিত গছপুলি ৰোপণ পৰ্ব আৰম্ভ কৰে কাৰ্যকৰী সভাপতি দিলীপ বৰাই । বিহু বাকৰিত ইয়াৰ পাছতে উলিওৱা হয় দৃষ্টিনন্দন লোক সংস্কৃতি সমৃদ্ধ সাংস্কৃতিক শোভাযাত্ৰা ।
কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি,স্থায়ী সমিতিৰ সকলো বিষয়ববীয়া ,ঘিলামৰাৰ অগণন বিহু বলিয়া ৰাইজৰ অংশগ্ৰহনেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই দৰ্শকক সন্মোহিত কৰে। শোভাযাত্ৰা উদ্বোধন কৰে লেখক ৰূপম দত্ত আৰু এঞ্জেলা চাংমাইয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9a8268d3-c308-4a00-9504-f60c02ffb12f/8503600e_6c0a_493b_a80d_3a64a674a643.jpg)
অসমীয়া লোক সংস্কৃতি তথা লোক সম্পদ আৰু পৰম্পৰাৰ দৃষ্টি আকৰ্ষক উপস্থাপন, বিহুৱা বিহুৱতীৰ ছন্দোময় ধ্বনিৰ মাজেৰে সমগ্ৰ ঘিলামৰা নগৰাঞ্চল পৰিভ্ৰমণ কৰে শোভাযাত্ৰাই । বিয়লি সৰু বিহুৱতী ,সৰু বিহুৱা আৰু টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6766a84b-d71e-4e03-8ed5-026e1e450aff/184c8bd4_e2cf_48d1_9236_e524ce7b5059.jpg)
ঢোল পেঁপা গগনা সুতুলিৰ ধ্বনিত বিধৌত হোৱা ঘিলামৰা কৃষ্টি ভৱন প্ৰাঙ্গনত অগণন লোক সংস্কৃতিপ্ৰেমীৰ সমাগমে বাঙ্ময় পৰিবেশৰ সূচনা কৰে । আয়োজক সমিতিয়ে জনোৱা অমুসৰি বুধবাৰে এই মহোৎসৱৰ বৰ্ণিল পৰিসমাপ্তি ঘটিব।
Also Read: শক্তিহীন নে শক্তিশালী ৰণনীতি? মাত্ৰ ৩২০ খন আসনতহে প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ...