/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/jxperg7g/1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভাতৃ সংগঠন সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ সমিতিৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে ঘিলামৰাত অনুষ্ঠিত কৰা হয়। ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সহযোগত ঘিলামৰাৰ ৰাজীৱ ভৱন প্ৰাঙ্গনত এই প্ৰতিষ্ঠা দিৱসটি দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/v91yw7jr/7f1bbda1-6098-451b-aa22-cc94dddd20a8.jpg)
পুৱা ৰাজীৱ ভৱন প্ৰাঙ্গনত সমবেত হোৱা কেইবা শতাধিক দলীয় নেতা কৰ্মীৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, এন এছ ইউ আইৰ নেতা কৰ্মীৰ উপস্থিতিত স্মৃতি তৰ্পণ কৰে যুৱ নেতা আনন্দ নৰহে। ইয়াৰ পাছতে দলীয় পতাকা উত্তোলন কৰে জিলা যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি মৌচম লাহনে। প্ৰতিষ্ঠা দিৱস উপলক্ষত ভৱন চৌহদত গছপুলি ৰোপণ পৰ্বৰ শুভাৰম্ভ কৰে যুৱ কংগ্ৰেছৰ নেতা লক্ষ্যনাথ নাতেয়ে।দুপৰীয়া যুৱ নেতা দেৱজিৎ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মূল অনুষ্ঠান ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/iucovjs2/dd267164-b50b-466b-809a-65e68878323b.jpg)
লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচুম লাহন, ঢকুৱাখনা বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি লক্ষ্যনাথ নাতে, লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় নীলকান্ত পেগু, কুশল খনিকৰ, লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক প্ৰাঞ্জল চুতীয়া, লখিমপুৰ জিলাৰ সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি কোষৰ অধ্যক্ষ তথা ৰঙানদী বিধানসভা সমষ্টি কংগ্ৰেছৰ সভাপতি ক্ষীৰোদ মুদৈ, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক প্ৰেমধৰ মিলি, বিশিষ্ট শিক্ষাবিদ ডঃ সুৰজিত দলে আদি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহু কেইগৰাকী নেতৃত্বই যুৱ কংগ্ৰেছৰ সাংগঠনিক শক্তি আৰু দলৰ অতন্দ্ৰ জাগ্ৰত প্ৰহৰীৰ ভূমিকাৰ বিশ্লেষণ কৰি মননশীল সাংগঠনিক বক্তব্য আগবঢ়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-09/r1xxsas4/93f669c1-61b7-4adb-ae47-90473a33a585.jpg)
ঢকুৱাখনা আৰু ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতিদ্বয়কে ধৰি, জ্যেষ্ঠ, কনিষ্ঠ অগণন কংগ্ৰেছী উপস্থিত থকা অনুষ্ঠানত নবগঠিত ঘিলামৰা ব্লক যুৱ কংগ্ৰেছ সমিতিখনক দলীয় ভাবে শুভেচ্ছা জনোৱা হয়। সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ ৬৪সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি সভাতেই ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি দেৱজিৎ হাজৰিকাসহ সমূহ বিষয়ববীয়াক আনুষ্ঠানিকভাৱে অনাগত কাৰ্যকালৰ বাবে কাৰ্যভাৰ অৰ্পণ কৰা হয় দলীয় শীর্ষ নেতৃত্বৰ জৰিয়তে। নৱগঠিত ব্লক সমিতিখনে দলৰ বুনিয়াদ অধিক শক্তিশালী কৰাৰ লগতে গেৰুৱা চৰকাৰৰ দুৰ্নীতি অপশাসন ভ্ৰূষ্টাচাৰৰ বিৰুদ্ধে সবল গণতান্ত্ৰিক জনমত গঠন কৰাৰ সংকল্প গ্ৰহণ কৰে ।
Also Read: বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰঃ ইউনুছৰ দখলত ২৭টাকৈ মন্ত্ৰণালয়...