নাৰায়ণপুৰত পৰাগ কুমাৰ দাসৰ ৬২ সংখ্যক জন্ম দিন উদযাপন...

নাৰায়ণপুৰত পৰাগ কুমাৰ দাসৰ ৬২ সংখ্যক জন্ম দিন উদযাপন...
নাৰায়ণপুৰত পৰাগ কুমাৰ দাসৰ ৬২ সংখ্যক জন্ম দিন উদযাপন...

ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আজি দিনজোৰা কাৰ্যসূচীৰে নিৰ্ভিক সাংবাদিক,জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ ৬২ সংখ্যক জন্ম দিন উদযাপন কৰা হয়। পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ,অসমৰ উদ্যোগত নাৰায়ণপুৰৰ ব্লক তিনিআলিস্থিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা সাহসী সাংবাদিকগৰাকীৰ জন্মদিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলনৰ পিছতে পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ক্ষীৰোদ দুৱৰাই।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে শুভাৰম্ভ কৰা মুকলি সভাখন উদ্বোধন কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক অৰুণ কুমাৰ গোস্বামীয়ে। ছাত্ৰী নয়নোত্তমা দত্তই আঁতধৰা সভাখনত সভাপতিত্ব কৰে নাৰায়ণপুৰ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ হাজৰিকাই।

সভাখনত পৰাগ কুমাৰ দাসৰ একালৰ সহযোগী জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহসী সাংবাদিকগৰাকীৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই বক্তব্য প্ৰদান কৰে। সভাখনত অসমৰ জনপ্ৰিয় অনুপ্ৰেৰক,বিশিষ্ট সাংবাদিক-অধিবক্তা দিপক শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিৰ্ভিক সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰি বক্তব্য প্ৰদান কৰে।

ভাষণ প্ৰসংগত চন্দ্ৰ সূৰ্য্য ওলাই থকালৈকে পৰাগ কুমাৰ দাস জীয়াই থাকিব বুলি উল্লেখ কৰাৰ লগতে পৰাগ কুমাৰ দাসৰ চিন্তা-চেতনা সদায় সমাজত উজ্জীৱিত হৈ থাকিব বুলি সাংবাদিক দিপক শৰ্মাই উল্লেখ কৰে। সভাখনত সাংবাদিক দিপান্ত কাকতি, ছাত্ৰী মানসী গগৈ, সাংবাদিক গজেন হাজৰিকা, চিত্ৰনাথ গগৈ, প্ৰদীপ বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি জাতীয় শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সভাখনতে মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট চিত্ৰ শিল্পী বেদব্ৰত মহন্তই অংকন কৰি পঠোৱা জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ চিন্তা-চেতনা,আদৰ্শ সমৃদ্ধ এখন কেনভাচ উন্মোচন কৰা হয়। উক্ত সভাতে শ্বহীদ গৰাকীৰ স্মৃতিত পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ,অসমে আয়োজন কৰা 'স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাক'বিষয় বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা প্ৰবন্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰিয়া বৰুৱা,যোৰহাটৰ প্ৰণামীকা বৰা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী লক্ষিমী দত্তক বঁটা প্ৰদান কৰা হয়।

নাৰায়ণপুৰত পৰাগ কুমাৰ দাসৰ ৬২ সংখ্যক জন্ম দিন উদযাপন...
নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in