নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক...

নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক...
নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক...

ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেওতোলাত আজি সন্ধিয়া ২৩ বস্তা গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৬ লাখ বুলি জানিব পৰা গৈছে।

নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলাল চন্দ্ৰ গগৈৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওতোলাত জব্দ কৰে গাঞ্জা খিনি । AS-12-AF 9616 নম্বৰৰ এখন XUV 300 গাড়ীৰে অৰুণাচলৰ পৰা ওদালগুৰি অভিমুখে কঢ়িয়াই আনিছিল গাঞ্জাখিনি ।

জব্দকৃত গাঞ্জাৰ পৰিমাণ ১ কুইন্টল ১৭ কেজি । সৰবৰাহকাৰী দুজনৰ নাম নৱ বড়ো আৰু চুমকৰ দেমাৰী। দুয়োজন সৰবৰাহকাৰীৰ ঘৰ ওদালগুৰি জিলাৰ মাজবাটত বুলি জানিব পৰা গৈছে।

নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক আটক...
এম চি ডিৰ স্থায়ী কমিটিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপ আৰু বিজেপিৰ মাজত মাৰপিট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in