/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/08f62e13-e73f-44e6-ad8c-4a82134b0fa6/398.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সহজলভ্য ধনৰ লালসাত পৰি অচিন অবৈধ চিট ফাণ্ডত লাখে লাখে ধন বিনিয়োগ কৰা গ্ৰাহকৰ বাবে পুনৰ আহিছে নতুন জাল। ৰাজ্যখনৰ লাখ লাখ বিনিয়োগকাৰীক পণবন্দী কৰি সাঁচতীয়া পুঁজি সমূলঞ্চে উদৰস্থ কৰি হঠাৎ উধাও হোৱা টেকন'জিম নামৰ অনলাইন এপটোৰ খলনায়কসকলে পুনৰ পেলাইছে লুণ্ঠনৰ এক নতুন জাল।
টেকন'জিমৰ ৩জন খলনায়ক ক্ৰমে ঢকুৱাখনাৰ ৰঞ্জন শইকীয়া,পৰমা দুৱৰা আৰু অজিত দুৱৰাই পুনৰ ঢকুৱাখনাৰ সৰ্বহাৰা বিনিয়োগকাৰীসকলৰ বাবে আনিছে এখন নতুন সৰ্বগ্ৰাসী জাল। লক্ষ লক্ষ বিনিয়োগকাৰীৰ সপোন ধূলিসাৎ কৰি সম্প্ৰতি আত্মগোপন কৰা এই "গেং অৱ থ্ৰী"যে একাংশ সৰ্বশ্ৰান্ত বিনিয়োগকাৰীলৈ সুকীয়া নম্বৰ আৰু অজ্ঞাত স্থানৰ পৰা হোৱাটছএপযোগে প্ৰেৰণ কৰিছে এক নতুন লিংক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3309004b-d00c-440f-9cef-737784912dbf/ead0c000_a18b_4bc6_8070_ce820a9f3874.jpg)
"টেকন'জিম" এপৰ জৰিয়তে লোকচানৰ সন্মুখীন হোৱা বিনিয়োগকাৰীসকলক নিজৰ ক্ষতি পূৰাবলৈ এই নতুন লিংকটোৰ অংশীদাৰ হোৱাৰ খাটনি ধৰিছে। একাংশ প্ৰবঞ্চিত বিনিয়োগকাৰীয়ে জনোৱা মতে শনিবাৰে এই প্ৰতাৰকসকলে "এছিল'ৰ লস্কোতিকা" নামৰ এটা নতুন এপ প্ৰেৰণ কৰি হৃত ধনৰাশি পুনৰুদ্ধাৰ কৰাৰ বাবে সংযুক্ত হোৱাৰ আহ্বান জনাইছে।
প্ৰলোভন আৰু চলনাৰে গ্ৰাহকক সৰ্বশ্ৰান্ত কৰি অগাধ সম্পত্তি অর্জন কৰা এই ত্ৰিমূৰ্তি প্ৰবঞ্চকে পুনৰ লুণ্ঠনৰ জালমেলাত অন্য এক ভয়াবহ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ পথ প্ৰশস্ত হৈছে। জানিব পৰামতে পূৰ্বৰ টেকন'জিমৰ দৰে এই নতুন এপটোৰ গ্ৰাহকে পূৰ্বৰ দৰে সামগ্ৰী ক্ৰয় কৰিব নালাগে যদিও প্ৰাৰম্ভিক পৰ্য্যায়ত "চানগ্লাছ" ক্ৰয় কৰাৰ পথ মুকলি ৰাখিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/51d03bb8-054b-4ad3-8aff-b3165c1aafbd/da806db9_7635_4634_be56_07f987641836.jpg)
এপটোৰ বিনিয়োগ পদ্ধতি পূৰ্বৰ "টেকনজিম"ৰ দৰে একেই বুলি জনাই তিনিদিনৰ ভিতৰত নাম পঞ্জীয়নৰ বাবে ৰিচার্জ কৰি গ্ৰাহক হৈ হৃত ধন ৰাশি উদ্ধাৰৰ আহ্বান জনাই অহৰহ বাৰ্তা প্ৰেৰণ কৰি গৈছে । কম সময়ৰ ভিতৰতে ধনৱন্ত হোৱাৰ দিবা স্বপ্ন দেখুৱাই লুটি পুতি খোৱা এনেবোৰ অসৎ চক্ৰই ইখনৰ পাছত সিখন মেলা প্ৰতাৰণাৰ নিত্য নতুন ফন্দিৰ পাছতো নিৰ্বিকাৰ প্ৰশাসন ।
স্মৰ্তব্য যে এই প্ৰবঞ্চক ত্ৰিমূৰ্তিৰ লগতে ঢকুৱাখনাৰ বহু কেইগৰাকী এজেন্ট প্ৰত্যক্ষ বাবে জড়িত হৈ লুণ্ঠনৰ জালত বন্দী কৰিছিল অগণন গ্ৰাহকক। য'ত চিকিৎসক, চাকৰিজীৱী, মহাবিদ্যালয়, বিদ্যালয়ৰ শিক্ষক,ব্যৱসায়ী, প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীপৰ্যন্ত সকলোৱে এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে ।
Also Read: ৰাজপথ লৈ আকৌ আহিবনে ৰাইজ...!