/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a86dbd34-7bf9-4d12-9440-c86b76c64f79/2.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমৰ শৈক্ষিক ইতিহাসৰ সমুজ্জল চানেকি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়। ঢকুৱাখনাৰ শিক্ষানুৰাগীৰ অপৰিসীম ত্যাগ আৰু শ্ৰমৰ বিনিময়ত ১৮৭২ চনতে প্ৰতিষ্ঠা হৈছিল এইখন চৰকাৰী বিদ্যালয়ৰ। নিজৰ সংকল্পিত শৈক্ষিক যাত্ৰাৰ এই ১৫০ বছৰীয়া পৰিপূৰ্তিৰ উপলক্ষত অহা ১৭অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ ৩ দিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ ১৫০ বছৰীয়া জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।
বিগত ১ বছৰ ধৰি অনুষ্ঠিত কৰি অহা জয়ন্তীৰ বিভিন্ন কৰ্মসূচীৰ সামৰণি মাৰিব লগা এই অনুষ্ঠানৰ ১৭ অক্টোবৰৰ প্ৰথম দিনা বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰা হ'ব । ইয়াৰ পাছতেই বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ উদঘাটন কৰিব ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাই , পৰৱৰ্তী সময়ত বিদ্যালয়ৰ পতাকা উত্তোলনৰ পাছত জয়ন্তীৰ পতাকা উত্তোলন কৰিব, উদযাপন সমিতিৰ সভাপতি শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। ইয়াৰ পাছত স্মৃতি তৰ্পণ,স্থায়ী মঞ্চ আৰু মণ্ডপ উদঘাটন, বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত সাহিত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব।
ইয়াৰ পাছত,"ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু মাধ্যমিক শিক্ষা, সংশয় আৰু সম্ভাৱনা" ,শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। বিশিষ্ট গৱেষক,শিক্ষাবিদ ডঃ অনিল বৰাই সঞ্চালনা কৰিব লগা এই আলোচনা সত্ৰত মুখ্য আলোচক হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত আৰু আলোচক হিচাবে বিশিষ্ট শিক্ষাবিদ ডঃ দীপক নেওগ, ডঃ সুৰজিত ভূঞা, ডঃ অমিয় কুমাৰ দাসে অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে বিদ্যাৰ্থী সকলৰ বিচিত্ৰানুষ্ঠান ,তথ্য চিত্ৰ উন্মোচন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা ১৮অক্টোবৰৰ পুৱা বিদ্যাৰ্থী সকলৰ মাজত সাহিত্য আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হ'ব। পাছতেই "ঢকুৱাখনাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত"শীর্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব।
সেৱা নিবৃত প্ৰশাসনিক বিষয়া যোগেশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হব লগা এই আলোচনা সত্ৰত মুখ্য আলোচক হিচাবে ডঃ পৰমানন্দ ফুকনে , সমল ব্যক্তি হিচাবে ডঃ সুমেন্দ্ৰ নাথ বুঢ়াগোহাঁই , "বেম্ব কুইন অফ ইণ্ডিয়া " মীৰা শর্মা আৰু ৰাজীৱ নাৰায়ণ কলিতাই অংশগ্ৰহণ কৰিব । পৰৱৰ্তী সময়ত জয়ন্তীৰ স্মৰণিকা উন্মোচন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইযে। ইয়াৰ পাছত প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপ আৰু বাৰেৰহনীয়া অনুষ্ঠান অনুষ্ঠিত হ'ব। অন্তিম দিনৰ পুৱা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিচিত্ৰানুষ্ঠানেৰে শুভাৰম্ভ হোৱা জয়ন্তীৰ কাৰ্যসূচীৰ পাছতে মুকলি সভা অনুষ্ঠিত হ'ব।
শিক্ষা মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডাঃ ৰনোজ পেগুৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত মুখ্য অতিথি হিচাবে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্ত, বিশিষ্ট অতিথি হিচাবে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদাৰ্থ বিজ্ঞানী ডঃ জয়ন্তী চুতীয়া, আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক ৰীমা দাস , মিষ্টাৰ ৱৰ্ল্ড ইউনিভাৰ্চ গোলাপ ৰাভাই , নিৰ্দিষ্ট বক্তা হিচাবে সেৱানিবৃত মুখ্য বন সংৰক্ষক দিগন্ত গগৈ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিযে অংশগ্ৰহণ কৰিব।
বিয়লিলৈ বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰা আৰু সন্ধিয়া বৰ্ণময় সাংস্কৃতিক কাৰ্যসূচীৰে ১৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ পৰিসমাপ্তি মৰা হ'ব। জয়ন্তীৰ প্ৰচাৰ উপ সমিতিৰ সভাপতি দ্বিগেন্দ্র নাথ হাজৰিকাই তিনিওটা দিনৰ সমূহ কাৰ্যক্ৰমণিকাত শিক্ষাসদী ৰাইজ, প্ৰাক্তন শিক্ষাৰ্থী আৰু শিক্ষক কৰ্মচাৰী, বিদ্যালয় পৰিয়াল, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অভিভাৱক আৰু সকলো সংগঠনৰ সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।