/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7ce455e1-85a3-4876-8c55-060811cebb47/12.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ স্বাভিমানী জ্ঞানৰ বটবৃক্ষ স্বৰূপ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়। ১৮৭২ চনতে ঢকুৱাখনাৰ শিক্ষানুৰাগী ৰাইজৰ বৌদ্ধিক কর্ষণৰ প্ৰতিভূ স্বৰূপ এইখন বিদ্যালয় স্থাপন হৈছিল। ১৮৭২ চনতে ঢকুৱাখনাৰ শিক্ষানুৰাগী ৰাইজৰ বৌদ্ধিক কর্ষণৰ প্ৰতিভূ স্বৰূপ এইখন বিদ্যালয় স্থাপন হৈছিল । তেতিয়াৰে পৰা নিৰন্তৰ আৰু নিৰবধি জ্ঞান ,প্ৰজ্ঞানৰ গৰিমা বিলাই অহা এইখন বিদ্যালযৰ ১৫০ বছৰীয়া জয়ন্তীৰ বর্ষজোৰা পৰিক্ৰমাৰে উদযাপিত কৰিছিল। এই বৰ্ষজোৰা কাৰ্যসূচীৰ মঙলবাৰে সামৰণি উৎসৱৰ শুভাৰম্ভ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/dcc0e6c9-973d-40b4-a1c4-2ce4a922cc44/a8c0f98b_04d3_468f_9a55_8062005ce3fa.jpg)
মঙলবাৰে পুৱা বিদ্যালয় চৌহদ পৰিষ্কৰণ, গছপুলি ৰোপণ, মুখ্য তোৰণ উন্মোচনৰ পাছতে বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাগুৰু দেৱ কুমাৰ গগৈৰ পবিত্ৰ স্মৃতিত পৰিয়ালবৰ্গৰ অৰ্থ সাহায্যৰে নিৰ্মিত পতাকা উত্তোলন বেদী উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ডঃ গিৰিন গগৈয়ে। পৰৱৰ্তী সময়ত অগণন শিক্ষাৰ্থী আৰু শিক্ষাসদীৰ উপস্থিতিত গায়ন বায়নৰ ছন্দোময়তাৰ মাজত ১৫০ বছৰীয়া জয়ন্তীৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি সেৱক চুতীয়াই । লগতে প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে বিদ্যালয়ৰ পতাকা উত্তোলন আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ পতাকা উত্তোলন কৰে সভাপতি চিত্ৰ ৰঞ্জন দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/790983ae-ae81-46b0-991c-5763399227f5/1d93f05b_4fb0_432b_9902_e45352002cf7.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0d36711a-6013-490b-bd3a-20a5ef433a2a/8f275dd4_f5a5_4bbf_8ded_858742ea5b0d.jpg)
সমান্তৰালভাৱে জয়ন্তী উপলক্ষত স্থাপিত মুঠ ১৫০ খন পতাকা উত্তোলন কৰে ১৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পাছতে স্থায়ী মঞ্চ আৰু মণ্ডপ উদঘাটন কৰে প্ৰবীণ শিক্ষাবিদ ভোলা গগৈ আৰু টংকেশ্বৰ ৰাজখোৱাই । ইয়াৰ পাছতে এটা শ্ৰুতিমধুৰ গুৰুবন্দনাৰ পাছতে "ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু মাধ্যমিক শিক্ষা: সংশয় আৰু সম্ভাৱনা" শীৰ্ষক এক মনোজ্ঞ আলোচনা সত্ৰ অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/aa727f5a-93f6-46b3-9825-dc98ddd1624b/ed8b4188_430f_4037_acd0_0206728aaefb.jpg)
বিশিষ্ট গৱেষক, শিক্ষাবিদ ডঃ অনিল বৰাই সঞ্চালনা কৰা এই আলোচনা সত্ৰত মুখ্য আলোচক হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে অংশগ্ৰহণ কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অতীত মন্থনেৰে আধুনিক ভাৰতীয় শিক্ষা ব্যৱস্থাৰে প্ৰাচীন শিক্ষা পদ্ধতিৰ তুলনামূলক পৰ্য্যালোচনা আগবঢ়াই। সাম্প্ৰতিক সময়ত বিশ্ব মানৰ শিক্ষা ব্যৱস্থাৰে ফেৰ মাৰিবলৈ ভাৰতীয় শিক্ষা ব্যৱস্থাত নতুন শিক্ষানীতিৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতাৰ বস্তুনিষ্ঠ বিশ্লেষণ কৰি এই নীতিৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত গৱেষণালব্ধ বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/34c03f35-482a-4bcc-a381-430f1a367652/c11cb925_a910_4c74_8f68_7de058e9f9d5.jpg)
আলোচনা সত্ৰত আলোচক হিচাবে বিশিষ্ট শিক্ষাবিদ ডঃ দীপক নেওগ, ডঃ সুৰজিত ভূঞা, ডঃ অমিয় কুমাৰ দাস, কল্পনা গগৈ আদি বহুজনে অংশগ্ৰহণ কৰি সাম্প্ৰতিক সময়ত এই নতুন শিক্ষানীতিৰ প্ৰবৰ্তনৰ ইতিবাচক দিশ সমূহ অনুকীয়াই এই নীতিৰ প্ৰায়োগিক সফলতাৰ বাবে অসমৰ শিক্ষা ব্যৱস্থাত উপলব্ধ আসোঁৱাহ সমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ কৰণীয়তা সন্দৰ্ভত সকলো দিশ সমূহ সামৰি বক্তব্য প্ৰদান কৰে । বিয়লি বিদ্যালয়ৰ বিদ্যাৰ্থী সকলৰ বিচিত্ৰানুষ্ঠানে উপস্থিত দৰ্শক ৰাইজক সন্মোহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6b99ff9a-67d2-4287-be12-de3351c3a6b5/1a7f7397_96b1_4b63_bcc6_e5b119f88adb.jpg)
Also Read: ভূমিপুত্ৰক ঘৰ-মাটি এৰিবলৈ দিয়া জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ