ভূমিপুত্ৰক ঘৰ-মাটি এৰিবলৈ দিয়া জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ভূমিপুত্ৰক ঘৰ-মাটি এৰিবলৈ দিয়া জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ভূমিপুত্ৰক ঘৰ-মাটি এৰিবলৈ দিয়া জাননীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বোকাখাতঃ মঙলবাৰে কাজিৰঙাৰ থলুৱা-নৃগোষ্ঠীয়-আদিবাসী-খিলঞ্জীয়া লোকক ঘৰ-মাটি এৰি দিয়াৰ চৰকাৰী জাননীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্রাম সমিতি আৰু জীপাল কৃষক-শ্রমিক সংঘৰ উদ্যোগত প্রতিবাদ সাব্যস্ত কৰে ভূমিপুত্ৰসকলে। বিশাল প্ৰতিবাদী সমদল উলিয়াই বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ৰাইজে।

Advertisment

এই প্রতিবাদী সমদলৰ নেতৃত্ব দিছে কৃষক মুক্তি সংগ্রাম সমিতি উপদেষ্টা অখিল গগৈ আৰু জীপাল কৃষক-শ্রমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে।

কাজিৰঙাৰ ২নং শিলডুবিৰ বৰবিল মিচিং গাওঁ, ভূঞা গাওঁ, ৰঙাজান-হাতীখুলিৰ প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা দিবলৈ দাবী জনাই কৃষক মুক্তি সংগ্রাম সমিতি আৰু জীপাল কৃষক-শ্রমিক সংঘই। থলুৱাক অপমান কৰা একপক্ষীয় চৰকাৰী জাননী বাতিল কৰি সন্মান সহকাৰে ৰাজহুৱা শুনানী অনুষ্ঠিত কৰিবলৈ দাবী জনাই প্ৰতিবাদী ৰাইজে।

উল্লেখ্য যে, বিগত সপ্তাহত মাত্ৰ ৭ লাখ ৩৬০০০ হাজাৰ টকা চৰকাৰী ক্ষতিপুৰণৰ বিনিময়ত ঘৰ মাটি এৰি দিবলৈ নিৰ্দেশ দিছিল বোকাখাত মহকুমা প্ৰসাশনে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ বাবে দিয়া হৈছিল এই উচ্ছেদৰ জাননী।

Also Read: 'এক্সন মুড'ত ধুবুৰী আৰক্ষী : চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

kaziranga akhil gogoi