মৃত কুকুৰাৰে ভৰি পৰিল হাজো থানাৰ চৌহদঃ ঘটনাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি...

মৃত কুকুৰাৰে ভৰি পৰিল হাজো থানাৰ চৌহদঃ ঘটনাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি...

author-image
Asomiya Pratidin
New Update
মৃত কুকুৰাৰে ভৰি পৰিল হাজো থানাৰ চৌহদঃ ঘটনাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি...

মৃত কুকুৰাৰে ভৰি পৰিল হাজো থানাৰ চৌহদঃ ঘটনাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি...

ডিজিটেল সংবাদ হাজোঃ পুনৰ জীৱ শ্ৰেষ্ঠ মানৱৰ নৃশংসতা। বিষ দি হত্যা কৰিলে অৰ্ধশতাধিক পোহনীয়া কুকুৰা। ফলত বেগত মৃত কুকুৰা ভৰাই লৈ হাজো আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিলে গৰাকীয়ে।

উল্লেখ্য যে, হাজোৰ হাবলাখাত কীটনাশক দ্ৰব্য দি প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ হত্যা কৰা হৈছে। জানিব পৰা মতে হাবলাখা গাঁওৰ পূব চুবুৰীৰ ৰচিদ আলী আৰু তেওঁৰ দুগৰাকী ভাতৃয়ে ধানৰ কঠিয়ি শিঁচি কঠিয়া তলিৰ বেৰৰ বাহিৰত বিষাক্ত ফুৰাডন ধানৰ লগত মিহলি কৰি ছটিয়াই দিয়াৰ অভিযোগ কুকুৰাৰ গৰাকীৰ।

সেই ফুৰাডন মিহলোৱা ধান খাই প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ মৃত্যু হৈছে। এই মৃত কুকুৰাবোৰ বেগত ভৰাই হাজো আৰক্ষী থানাত উপস্থিত হয় গৰাকী। তাৰ পাছতে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে। ইতিমধ্যে হাজো আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Also Read: মহৎ উদ্দেশ্যৰে ডাউন টাউন স্কুলৰ শিক্ষাৰ্থীৰ প্ৰদৰ্শনীঃশিক্ষাৰ্থীৰ কেনভাচ বিক্ৰী...

হাজো